বৃহস্পতিবাৰে অসম ভূমিত ভৰি দিব আমাৰ সকলোৰে আদৰৰ অসম গৌৰৱ লাভলীনা বৰগোহাঁই (Lovlina Borgohain)। প্ৰথমগৰকী অসমীয়াৰূপে অলিম্পিকৰ পদক জয় কৰি আই অসমীক ধন্য কৰা লাভলীনা বৰগোহাঁইক আদৰিবলৈ অধীৰ আগ্ৰহেৰে ৰৈ আছে ৰাজ্যবাসী। কোৰোণাৰ নিয়মৰ মাজেৰেই অসম জীয়ৰী লাভলীনাক আদৰিবলৈ অসমবাসী ব্য়গ্ৰ হৈ আছে।
ৰাজ্য চৰকাৰে লাভলীনাক আদৰণি জনাবলৈ কোনো প্ৰচেষ্টাৰ ত্ৰুটি ৰখা নাই। বিমান বন্দৰৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ সকলোতে লাভলীনাৰ গৌৰৱময়ী ফটোখনেৰে সজাই তোলা হৈছে। অলিম্পিকৰ পডিয়ামত পদক লৈ থকা ফটোৰে সজাই তোলা হৈছে গুৱাহাটীৰ বাট-পথ। সকলো আয়োজনৰ নিশা পৰ্যন্ত বুজ লৈছে মন্ত্ৰী বিমল বৰা (Bimal Borah)ই।
গুৱাহাটীত লগোৱা হৈছে লাভলীনাৰ বৃহৎ কাট আউট। একেসময়তে গোলাঘাটতো দেখা গৈছে উৎসৱমুখৰ পৰিবেশ। চৰকাৰী সূচী অনুসৰি, বক্সাৰ লাভলীনা বৰগোহাঁই গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত পুৱা ৯.৩০ বজাত উপস্থিত হ'ব। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনাব লাভলীনাক আৰু লগত থাকিব ক্ৰীড়ামন্ত্ৰী বিমল বৰা।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|