মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam Aims To Set Guinness World Record: ১৪ এপ্ৰিলত বিশ্ব অভিলেখ গঢ়িব অসমৰ বিহুৱে

Assam Aims To Set Guinness World Record: ১৪ এপ্ৰিলত বিশ্ব অভিলেখ গঢ়িব অসমৰ বিহুৱে

১৪ এপ্ৰিলত বিশ্ব অভিলেখ গঢ়িব অসমৰ বিহুৱে

১৪ এপ্ৰিলত বিশ্ব অভিলেখ গঢ়িব অসমৰ বিহুৱে

অসমৰ বিশিষ্ট বিহুৱা ৰঞ্জিত গগৈৰ নেতৃত্বত কেইবাগৰাকী বিহুৱা-বিহুৱতীয়ে প্ৰশিক্ষণ দিছে মাষ্টাৰ প্ৰশিক্ষকসকলক। এই প্ৰশিক্ষক সকলে প্ৰত্যেক জিলাই জিলাই গৈ কৰ্মশালা অনুষ্ঠিত কৰিব।

  • Share this:

চলিত বৰ্ষৰ ১৪ এপ্ৰিলত বিশ্ব অভিলেখ গঢ়িব অসমৰ বিহুৱে। ৰাজ্য চৰকাৰৰ উদ্যোগত আৰম্ভ হৈছে পূৰ্ণ প্ৰস্তুতি। ইতিমধ্যে আজি সম্পূৰ্ণ হৈছে মাষ্টাৰ প্ৰশিক্ষকৰ প্ৰশিক্ষণ। শংকৰদেৱ কলাক্ষেত্ৰ আৰু সৰুসজাই ষ্টেডিয়ামত চাৰিদিনীয়া প্ৰশিক্ষণৰ অন্তত এতিয়া জিলাই জিলাই গৈ প্ৰশিক্ষণ প্ৰদান কৰিব মাষ্টাৰ প্ৰশিক্ষকে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা প্ৰায় ৪৫০ গৰাকী বিহুৱা-বিহুৱতীক দিয়া হৈছে মাষ্টাৰ প্ৰশিক্ষণ।


অসমৰ বিশিষ্ট বিহুৱা ৰঞ্জিত গগৈৰ নেতৃত্বত কেইবাগৰাকী বিহুৱা-বিহুৱতীয়ে প্ৰশিক্ষণ দিছে মাষ্টাৰ প্ৰশিক্ষকসকলক। এই প্ৰশিক্ষক সকলে প্ৰত্যেক জিলাই জিলাই গৈ কৰ্মশালা অনুষ্ঠিত কৰিব। প্ৰায় ৫০-৬০ গৰাকী কৈ নাচনিক প্ৰশিক্ষণ প্ৰদান কৰিব লাগিব মাষ্টাৰ প্ৰশিক্ষকসকলে। মাৰ্চৰ ২৭ তাৰিখৰ পৰা জিলাই জিলাই আৰম্ভ হ'ব প্ৰশিক্ষণ। ৫ দিনকৈ চলিব বিশেষ প্ৰশিক্ষণ শিবিৰ। তাৰ পিছত পুনৰ ৮ এপ্ৰিলৰ পৰা চাৰিদিন ধৰি চূড়ান্ত আখৰা চলিব সৰুসজাই ষ্টেডিয়ামত। চূড়ান্ত আখৰাত ৰাজ্যৰ সকলো অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰিব। ৮ এপ্ৰিলৰ দিনা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিৰীক্ষণ কৰিব আখৰা।


মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত পোন প্ৰথমবাৰৰ বাবে এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে। অসমৰ বিহুক বিশ্ব দৰবাৰত চিনাকি কৰাই দিয়াৰ লগতে প্ৰায় ১১ হাজাৰ ৫০০ বিহুৱা-বিহুৱতীয়ে একেলগে নাচি বিশ্ব অভিলেখ সৃষ্টি কৰিব। আৰু এই অনুষ্ঠান টেলিভিছন যোগে পোনপটীয়া সম্প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰিব। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো সম্প্ৰচাৰ হ'ব এই অনুষ্ঠান। য'ত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ১৪ এপ্রিলৰ আবেলিলৈ হোৱাৰ সম্ভাৱনা আছে মূল অনুষ্ঠান। অৱশ্যে প্ৰধানমন্ত্ৰীৰ সময়সূচীৰ ওপৰত নিৰ্ভৰ কৰিব অনুষ্ঠানৰ সময়। দেশৰ সকলো  TV চেনেলতে পোনপটীয়া সম্প্ৰচাৰ হ'ব এই অনুষ্ঠান। অনুষ্ঠানৰ দিনা সকলোকে প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব সৰুসজাই ষ্টেডিয়ামত। এতিয়া অপেক্ষা বিশেষ দিনটোলৈ। একে ধৰণৰ অসমীয়া পৰম্পৰাগত সাজ, অসমীয়া গহণা পৰিধান কৰি ব'হাগ বিহুত ১৪ এপ্ৰিলৰ দিনা বিশ্ব অভিলেখ গঢ়িব অসমৰ বিহুয়ে।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি