মুখ্যপৃষ্ঠা »খবৰ »অসম »২৪ ঘণ্টাতেই জামিন পালে প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুএ অশোক শইকীয়াই, ঋণ কেলেংকাৰীত CBIয়ে কৰিছিল গ্ৰেপ্তাৰ

২৪ ঘণ্টাতেই জামিন পালে প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুএ অশোক শইকীয়াই, ঋণ কেলেংকাৰীত CBIয়ে কৰিছিল গ্ৰেপ্তাৰ

এছকাৰ্ড বেংকৰ ৯ লাখ ৩৭ হাজাৰ ৭০১ টকাৰ ঋণ পৰিশোধ নকৰাৰ অভিযোগ আছিল অশোক শইকীয়াৰ বিৰুদ্ধে

এছকাৰ্ড বেংকৰ ৯ লাখ ৩৭ হাজাৰ ৭০১ টকাৰ ঋণ পৰিশোধ নকৰাৰ অভিযোগ আছিল অশোক শইকীয়াৰ বিৰুদ্ধে

এছকাৰ্ড বেংকৰ ৯ লাখ ৩৭ হাজাৰ ৭০১ টকাৰ ঋণ পৰিশোধ নকৰাৰ অভিযোগ আছিল অশোক শইকীয়াৰ বিৰুদ্ধে

  • Share this:
প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া (Lt Hiteswar Saikia)ৰ কনিষ্ঠ পুএ অশোক শইকীয়াই (Ashok Saikia) ১৯৯৬ চনতে এছকাৰ্ড (ASCARD Bank) বেংকৰ পৰা ঋণ লৈছিল ১লাখ ৭০হাজাৰ টকাৰ ৷ সময়মতে সেই ধন পৰিশোধ নকৰাৰ বাবে অশোক শইকীয়াৰ বিৰুদ্ধে পল্টন বজাৰ থানাত বেংক কৰ্তৃপক্ষই ২০০১ চনত ৰুজু কৰিছিল এক গোচৰ ৷ পৰৱৰ্তি সময়ত সেই গোচৰ CBI লৈ হস্তান্তৰ কৰাৰ বিপৰীতে পৰিশোধ কৰিবলগীযা ঋণৰ পৰিমাণ হয়গৈ ৯ লাখ ৩৭ হাজাৰ ৭০১টকা ৷

কিন্ত হঠাৎ দেওবাৰে বিয়লি অশোক শইকীয়াৰ বাসগৃহত CBI দল উপস্থিত হৈ দীৰ্ঘ সময়ৰ অন্তত তেওঁক গ্ৰেপ্তাৰ কৰি লৈ যায় CBIৰ গুৱাহাটিস্থিত কাৰ্যালয়লৈ ৷ নিশাটো CBI নিজৰ জিম্মাত ৰখাৰ পিছত সোমবাৰে কামৰূপ মুখ্য ন্যায়াধীশ আদালতত অশোক শইকীয়াক হাজিৰ কৰোৱা হয় যদিও আদালতে এজন জামিনদাৰ আৰু ২০ হাজাৰ টকাৰ বণ্ডত জামিন প্ৰদান কৰে অশোক শইকীয়াক ৷ কাৰণ ২০১৫ বৰ্ষতে অশোক শইকীয়াই বেংকটোৰ ৯ লাখ ৩৭ হাজাৰ ৭০১ টকাৰ যি ঋণ সেই ঋণ পৰিশোধ কৰিছিল আৰু সম্পুৰ্ণ তথ্য সোমবাৰে আদালতত দাখিল কৰিছিল ৷

অশোক শইকীয়া আৰু তেওঁৰ অধিবক্তাৰ মতে বেংকৰ ভুলৰ বাবে তেওঁ গ্ৰেপ্তাৰ হ'ব লগীয়া হয় ৷ কাৰণ ইতিমধ্য বেংকৰ পৰা তেওঁক NOC দিয়া হৈছিল যদিও সেই NOC বেংকে দিয়া  নাছিল CBIক ৷ সোমবাৰে গোচৰটোত জামিন লাভ কৰিলেও মংগলবাৰে পুৱা পুনৰ আদালতত হাজিৰ হ'ব লাগিব অশোক শইকীয়া ৷ কাৰণ মংগলবাৰে পুনৰ আদালতত শুনানি হ'ব গোচৰটোৰ ৷ গতিকে মঙলবাৰৰ দিনটোতহে অশোক শইকীয়া গোচৰটোৰ পৰা সম্পুৰ্ণ দোষমুক্ত হয় নে নহয় সেয়া স্পষ্ট হ'ব ৷

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি