মুখ্যপৃষ্ঠা »খবৰ »অসম »৪৫ মিনিট পেলাই থ'লে ৰে'লগেট, মালিগাঁৱত ৰে'ল আৰক্ষী আৰু স্থানীয় ৰাইজৰ মাজত বাক-বিতণ্ডা

৪৫ মিনিট পেলাই থ'লে ৰে'লগেট, মালিগাঁৱত ৰে'ল আৰক্ষী আৰু স্থানীয় ৰাইজৰ মাজত বাক-বিতণ্ডা

X
মালিগাঁৱত //

মালিগাঁৱত ৰে'ল আৰক্ষী আৰু স্থানীয় ৰাইজৰ মাজত তৰ্কা-তৰ্কি

মালিগাঁৱত ৰে'ল আৰক্ষী আৰু স্থানীয় ৰাইজৰ মাজত তৰ্কা-তৰ্কি । নিশা ১২ বজাত প্ৰায় ৪৫ মিনিট ধৰি মালিগাঁৱত পেলাই থোৱা হ'ল ৰে'লগেট । যাৰ ফলস্বৰূপে আবদ্ধ হৈ থাকে শ-শ বাহন । আছিল এম্বুলেঞ্চ আৰু বিমানবন্দৰলৈ যাবলগীয়া বহু যাত্ৰীও । 

  • Share this:
গুৱাহাটী, ২৮ মাৰ্চ: মালিগাঁৱত ৰে'ল আৰক্ষী আৰু স্থানীয় ৰাইজৰ মাজত তৰ্কা-তৰ্কি । মালিগাঁৱৰ ৰে'ল গেটত যাত্ৰীক আবদ্ধ কৰি ৰখাৰ অভিযোগ ৰে'ল আৰক্ষীৰ বিৰুদ্ধে । উল্লেখযোগ্য যে ৰে'ল ক্ৰছিঙত যাতায়াতক লৈ মালিগাঁৱত বহুবাৰ এনে ঘটনা সংঘটিত হৈছে।

ৰে'ল আৰক্ষীয়ে মইমতালিৰে বহুবাৰ এনে ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে সাধাৰণ নাগৰিকসকলে। এয়া কালি নিশাৰ দৃশ্য ৷ নিশা ১২ বজাত প্ৰায় ৪৫ মিনিট ধৰি মালিগাঁৱত পেলাই থোৱা হ'ল ৰে'লগেট। ফলস্বৰূপে আবদ্ধ হৈ থাকে শ-শ বাহন। আছিল এম্বুলেঞ্চ আৰু বিমানবন্দৰলৈ যাবলগীয়া বহু যাত্ৰীও।

ৰে'ল অহাৰ অজুহাতত মালিগাঁৱত এনেধৰণেই পেলাই ৰখা হ'ল ৰে'লগেট। ফলস্বৰূপে উত্তেজিত হৈ পৰে সাধাৰণ যাত্ৰীসকল। বহুতৰ অভিযোগ- গেটৰখীয়াসকলে নিশাৰ ভাগত সুৰাপান কৰি কৰ্তব্যত নিয়োজিত হৈ থকাৰ বাবে নিজৰ মইমতালিৰে গেট বন্ধ কৰি ৰাখে। ইয়াৰ কুফল ভুগিব লাগে সাধাৰণ যাত্ৰীয়ে। কোনো ৰে'ল অহাৰ সম্ভাৱনা নথকাৰ বাবে বহুবাৰ অনুৰোধ কৰাৰ পিছতো ৰে'ল আৰক্ষীয়ে ৪৫ মিনিট ধৰি গেট খুলি নিদিয়াত খঙত অগ্নিশৰ্মা হৈ পৰে বহু লোক।

এনে অৱস্থাত ৰে'ল আৰক্ষীৰ লগত তৰ্কা-তৰ্কিত লিপ্ত হয় যাত্ৰীসকল। যাত্ৰীসকলৰ মতে বহুকেইজন ৰোগী এম্বুলেঞ্চত থকাৰ লগতে বৰঝাৰ বিমান বন্দৰলৈ যাবলৈ ওলাই অহা যাত্ৰীকো এইদৰে প্ৰায় ৪৫ মিনিট ধৰি কোনো কাৰণ নোহোৱাকৈ আবদ্ধ কৰি ৰখা হয় ৷ সাধাৰণতে ৰে'ল অহাৰ সময়ত ক্ৰছিং বন্ধ কৰি দিয়া হয়। ৰে'ল পাৰ হৈ যোৱাৰ পিছতহে গেটসমূহ উঠাই দিয়া হয় ৷ কিন্তু বহু ক্ষেত্ৰত কোনো কাৰণ নোহোৱাকৈ গেটসমূহ পেলাই ৰখাৰ অভিযোগ উত্থাপন উঠিছে।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি