টকাৰ প্ৰলোভন যেন সামৰিব নোৱাৰে একাংশ চৰকাৰী শীৰ্ষ বিষয়াই। আন আন স্থান বা জিলাৰ কথা বাদ দিয়ক। এতিয়া গুৱাহাটী মহানগৰীতো টকা ঘোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে শীর্ষ বিষয়া।
শনিবাৰে গুৱাহাটীৰ ছাত্ৰীবাৰীত গুৱাহাটীৰ মহকুমাৰ বিদ্যালয় সমূহৰ উপ পৰিদৰ্শক কাৰ্যালয়ত অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই। ঘোচ লোৱাৰ সময়তে শিক্ষা বিষয়াৰ উপ পৰিদৰ্শক বুদ্ধ কটকীক হাতে লোটে গ্ৰেপ্তাৰ কৰে বিভাগটোৱে। মহানগৰীৰ নাৰেঙীৰ ডঃ মহেশ্বৰ নেওগ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পৰা ১০ হাজাৰ টকা ঘোচ লোৱাৰ সময়তে হাতে লোটে ধৰা পৰে।তাৰে পাঁচ হাজাৰ টকা লোৱাৰ সময়তে ধৰা পৰে বিষয়াজন।বিদ্যালয়খনৰ প্ৰধান শিক্ষক প্ৰাণজিত চন্দ্ৰ চাওদৰ পৰা বিদ্যালয়খনৰ ট্ৰাষ্টৰ ধন বিচাৰিছিল বিষয়াজনে। বিদ্যালয়ৰ উন্নয়নৰ বাবে অহা ধন আত্মসাৎ কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল বিষয়াজনে। প্ৰধান শিক্ষকজনক দীৰ্ঘদিনে হাৰাশাস্তি কৰি অহাৰ বাবে অৱশেষত দুৰ্নীতি নিবাৰক শাখাৰ কাষ চাপে। শিক্ষা বিষয়াজনে বিদ্যালয়ৰ উন্নয়ন পুঁজিৰ ধন ২৫ হাজাৰ আত্মসাৎ কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল।প্ৰধান শিক্ষকক প্ৰলোভন দি ১৫ হাজাৰ টকা দিয়াৰ কথা কৈছিল বিষয়াজনে। ছমাহৰ পূৰ্বে গুৱাহাটীত যোগদান কৰাৰ পিছৰে পৰা উপ পৰিদৰ্শকজনে বিভিন্ন বিদ্যালয়ৰ প্ৰধান শিক্ষকক দাবী ধমকি দিয়াৰ অভিযোগ তুলিছে বিভিন্নজনে। ইয়াৰ পূৰ্বে নগাঁওত বিভিন্ন বিদ্যালয়ৰ দুৰ্নীতি কাৰ্যত লিপ্ত আছিল বুলিও অভিযোগ উত্থাপন হৈছে। নগাঁও, হোজাই আৰু কলিয়াবৰত দীৰ্ঘদিনে কৰ্মৰত থাকি বুদ্ধ কটকীয়ে স্কুল ইউনিফৰ্ম, সংখ্যালঘু ছাত্ৰবৃত্তি আৰু শিক্ষক ৰদ-বদলৰ নামতো ধন সংগ্ৰহ কৰিছিল। বহু ইউনিফৰ্মৰ ঠিকাদাৰ আৰু স্কুলৰ প্ৰধান শিক্ষকক কমিছন বিচাৰি হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছিল কটকীৰ বিৰুদ্ধে। চাৰি ঘন্টাৰো অধিক সময় জেৰা চলোৱাৰ পিছত লৈ যোৱা হয় শিক্ষা বিষয়াজনক।উলিয়াই নিয়াৰ সময়ত তেওঁ প্ৰকাশ কৰে যে 'মোক ষড়যন্ত্র কৰা হৈছে, টকা বিচৰা নাছিলোঁ. মই স্কুলত অনুপস্থিত থকা প্ৰধান শিক্ষকজনক হুংকাৰ প্ৰদান কৰোতে এই ধৰণে মোক ফচাইছে।'
Published by: Kokil Sarma
FIRST PUBLISHED : March 04, 2023, 19:39 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।