মুখ্যপৃষ্ঠা »খবৰ »অসম »APSC: "অনুমতি সাপেক্ষেহে বহী জ্বলাই দিয়া হৈছিল APSCৰ", প্ৰাক্তন মুখ্য পৰীক্ষা নিয়ন্ত্ৰক নন্দ বাবু সিংহাৰ মন্তব্য়

APSC: "অনুমতি সাপেক্ষেহে বহী জ্বলাই দিয়া হৈছিল APSCৰ", প্ৰাক্তন মুখ্য পৰীক্ষা নিয়ন্ত্ৰক নন্দ বাবু সিংহাৰ মন্তব্য়

দায়িত্বৰ পৰা অব্যাহতি নিদিয়াটো চৰকাৰৰ দোষ বুলি মন্তব্য় কৰি নন্দবাবু সিংহাই কয় যে পুনৰ আৰক্ষীয়ে তলব কৰিলে আহিবলৈ সাজু তেওঁ।

দায়িত্বৰ পৰা অব্যাহতি নিদিয়াটো চৰকাৰৰ দোষ বুলি মন্তব্য় কৰি নন্দবাবু সিংহাই কয় যে পুনৰ আৰক্ষীয়ে তলব কৰিলে আহিবলৈ সাজু তেওঁ।

দায়িত্বৰ পৰা অব্যাহতি নিদিয়াটো চৰকাৰৰ দোষ বুলি মন্তব্য় কৰি নন্দবাবু সিংহাই কয় যে পুনৰ আৰক্ষীয়ে তলব কৰিলে আহিবলৈ সাজু তেওঁ।

  • Share this:

APSCৰ প্ৰাক্তন মুখ্য পৰীক্ষা নিয়ন্ত্ৰক নন্দ বাবু সিংহাক ছয় ঘণ্টা ধৰি জেৰা চলাই তদন্তকাৰী আৰক্ষী বিষয়া সুৰজিত সিং পানেচৰে। জেৰাৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত নন্দবাবুৰ ভাষ্যত তদন্তকাৰী আৰক্ষী বিষয়াই সোধা কিছু প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে বুলি কয় নন্দবাবুৱে। বহু কথা পাহৰি যোৱা বুলি মন্তব্য নন্দবাবুৰ।


সংবাদ মাধ্যমৰ সন্মুখত নন্দবাবুৱে কয়, "নিয়মৰ আধাৰত বহীসমূহ বিনষ্ট কৰা হৈছিল। বহী জ্বলোৱা বুলি নক'ব, এইটো নিয়মৰ অধীনত হৈছিল। অধ্যক্ষৰ, সচিবৰ অনুমতিতহে বহীসমূহ নষ্ট কৰিছিলো, মই অকলে কৰা নাছিলো। APSCৰ নিয়মমতে ছয় মাহৰ পুৰণি বহী জ্বলাই দিব পাৰে। মোৰ ছোৱালীয়ে পৰীক্ষা দিয়াৰ কথাটো চৰকাৰক জনাইছিলো।চৰকাৰে মোক বদলি নকৰিলে।"


দায়িত্বৰ পৰা অব্যাহতি নিদিয়াটো চৰকাৰৰ দোষ বুলি মন্তব্য় কৰি নন্দবাবু সিংহাই কয় যে পুনৰ আৰক্ষীয়ে তলব কৰিলে আহিবলৈ সাজু তেওঁ। এইক্ষেত্ৰত সুৰজিত সিং পানেছৰে কয় যে "নন্দ বাবু সিংহাই প্ৰশ্নৰ উত্তৰ দিব পৰা নাই পৰৱৰ্তী সময়ত পুনৰ মতা হ'ব। কিয় কৰিছিল কথাখিনি উত্তৰ দিব লাগিব। তেওঁলোকে নিজৰ এছ অ পি বনাই লৈছিল বহী জ্বলাই দিয়াৰ। সাক্ষ্যৰ ভিত্তিত তদন্ত আৰম্ভ হৈছে আৰু চলি থাকিব।" উল্লেখযোগ্য যে, সাক্ষ্যৰ ভিত্তিত তলব কৰাৰ সম্ভাৱনা আছে কেইবাগৰাকী ৰাজপত্ৰিত বিষয়াক।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি