অংকুৰ সুৰানা অপহৰণ কাণ্ডত জড়িতৰ অভিযোগত পুনৰ দুজনক আটক। দুয়োজনকে গোপনে জেৰা কৰি আছে ভৰলু আৰক্ষীয়ে। ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে পলাতক প্ৰবাল কলিতাৰ এখন বাহন। ৰঙিয়া ষ্টেচনৰ পাৰ্কিঙৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে বাহনখন। গুৱাহাটীৰ পৰা এই বাহনখনত পলাইছিল কৰিছিল প্ৰবাল।
৪ ফেব্ৰুৱাৰী দিনৰ ভাগত প্ৰবাল ৰে’লেৰে পলায়ন কৰিছিল। গাড়ীখন ষ্টেচনৰ পাৰ্কিঙত এৰি গৈছিল। গাড়ীখনৰ নম্বৰ AS01BW 0290। সন্দেহ কৰা হৈছে যে প্ৰবাল ৰঙিয়াৰ পৰা ৰে’লত উঠি পলায়ন কৰিছে বহিঃৰাজ্যলৈ।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : February 09, 2023, 17:40 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|