
Amlan Borgohain: পুৰুষৰ ব্যক্তিগত ২০০ মিটাৰ দৌৰত মাত্ৰ ২০.৫২ ছেকেণ্ড সময়েৰে স্বৰ্ণজয় কৰে অম্লান বৰগোহাঁইয়ে।
Amlan Borgohain: পুৰুষৰ ব্যক্তিগত ২০০ মিটাৰ দৌৰত মাত্ৰ ২০.৫২ ছেকেণ্ড সময়েৰে স্বৰ্ণজয় কৰে অম্লান বৰগোহাঁইয়ে।
অসমৰ খেলৰ বাবে সুখবৰ। অসমৰ এথলীট অম্লান বৰগোঁহাই (Amlan Borgohain)য়ে কেৰালাৰ কালিকটত চলি থকা ফেডাৰেছন কাপ এথলেটিকছত অভিলেখ সৃষ্টি কৰি স্বৰ্ণ পদক অৰ্জন কৰিছে। পুৰুষৰ ব্যক্তিগত ২০০ মিটাৰ দৌৰত মাত্ৰ ২০.৫২ ছেকেণ্ড সময়েৰে স্বৰ্ণজয় কৰে অম্লান বৰগোহাঁইয়ে। বুধবাৰে বিয়লিৰ দুৰ্দান্ত প্ৰদৰ্শনেৰে অসমৰ অম্লান বৰগোহাঁইয়ে আমেৰিকাৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বীপ আৰু চীনৰ হংজাওৰ ১৯ সংখ্যক এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন কৰিছে।
অম্লান বৰগোহাঁই ওড়িছাৰ ৰিলায়েন্স এথলেটিকছ একাডেমীৰ প্ৰশিক্ষাৰ্থী আছিল। আনহাতে হিমা দাসেও স্বৰ্ণ জয় কৰি এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন কৰিছে। এইপৰ্য্যন্ত অসমৰ মুঠ চাৰি গৰাকী খেলুৱৈয়ে যোগ্যতা অৰ্জন কৰিছে চীনৰ হংজাওৰ ১৯ সংখ্যক এছিয়ান গেমছলৈ। প্ৰথমে তাৰকা বক্সাৰ লাভলিনা বৰগোহাঁই তাৰ পিছত অলিম্পিয়ান আৰ্চাৰে জয়ন্ত তালুকদাৰ আৰু শেহতীয়াকৈ হিমা দাস আৰু অম্লান বৰগোহাঁইয়ে এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন কৰিছে। চাৰিওগৰাকী খেলুৱৈক অভিনন্দন জনাইছে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী বিমল বৰাই।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|