উগ্ৰপন্থী সংগঠন আলফা স্বাধীন (ULFA-I) আৰু চৰকাৰৰ মাজৰ আলোচনা আগবঢ়াই নিবলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ক সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে (Amit Shah)। সোমবাৰে নতুন দিল্লীত অমিত শ্বাহক মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰাৰ সময়তে আলফা স্বাধীনৰ সৈতে প্ৰৰম্ভিক কথা-বতৰা আৰম্ভ কৰাৰ দায়িত্ব অৰ্পণ কৰে হিমন্ত বিশ্ব শৰ্মাক। দিল্লীত এক সংবাদমেলত এই কথা সদৰী কৰে মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰীয়ে কয়, "আলফা স্বাধীনৰ সৈতে প্ৰাৰম্ভিক কথ-বতৰা আগবঢ়াবলৈ অমিত শ্বাহে মোক দায়িত্ব দিছে। আলোচনা যদি সঠিক দিশত আগবাঢ়ে তেন্তে পৰৱৰ্তি পৰ্যায়ত মূল আলোচনা কেন্দ্ৰীয় চৰকাৰে আগবঢ়াই নিব। এই আলোচনা অত্যন্ত সতৰ্কতাৰে আগবঢ়াই নিব লাগিব।"
উল্লেখ্য যে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰূপে শপত লোৱাৰ পিছতে অপহৃত ৰিতুল শইকীয়াক মুকলি কৰি দিয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন সময়ত নৰম মনোভাৱ পোষণ আহিছে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই। হিমন্ত বিশ্ব শৰ্মাক কেইবাবাৰো উদ্যমী লীডাৰ বুলি প্ৰশংসা কৰাৰ লগতে কোৰোণা (Corona)ৰ কাৰণে একপক্ষীয় যুদ্ধবিৰতিত আছে আলফা স্বাধীন।
অৱশ্যে আলোচনাৰ নামত এই পৰ্যন্ত কোনো ধৰণৰ কথা-বতৰা হোৱা নাই আলফা স্বাধীন আৰু চৰকাৰৰ মাজত। কিন্তু শেহতীয়া বাতাৱৰণলৈ চাই অচিৰেই আলফা স্বাধীন আৰু চৰকাৰৰ মাজত থকা বৰফ গলিব বুলি আশা কৰিছে অসমবাসীয়ে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|