অত্যাৱশ্যকীয় সামগ্ৰীৰ ভয়াবহ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ লোকক। এই মূল্যবৃদ্ধিৰ বিৰুদ্ধে বুধবাৰে বিক্ষোভ কাৰ্য্যসূচী পালন কৰে অসম জাতীয় পৰিষদে।
অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈৰ নেতৃত্বত মহানগৰীৰ দিঘলীপুখুৰীৰ পাৰত সাব্যস্ত কৰা প্ৰতিবাদত চৰকাৰক সমালোচনা কৰে লুৰিণ জ্যোতি গগৈয়ে। চৰকাৰে সৰ্বসাধাৰণ লোকে ব্যৱহাৰ কৰা চিৰা, মুৰি, দৈ, গাখীৰ, মৌ, পনীৰ আদিৰ ওপৰত জি এছ টি লগোৱাত ক্ষোভিত হৈছে অসম জাতীয় পৰিষদৰ নেতা কৰ্মী। যাৰ বাবেই বুধবাৰে আঞ্চলিক দলটোৰ মহানগৰ সমিটিয়ে গুৱাহাটীৰ দিঘলীপুখুৰীৰ পাৰত জাতীয় বিক্ষোভ কাৰ্যসূচী পালনেৰে চৰকাৰক। ৰাইজক প্ৰৱঞ্চনা কৰা ৰাজ্য চৰকাৰক উৎখাত কৰিবলৈ ৰাইজক আহ্বান জনাই অসম জাতীয় পৰিষদে। প্ৰতিবাদত লুৰিণ জ্যোতি গগৈৰ উপৰি দলৰ কেন্দ্ৰীয় কমিটিৰ উপ সভাপতি দুলু আহমেদ আৰু বহু নেতা কৰ্মী উপস্থিত থাকে। ইফালে চৰকাৰৰ দুমুখীয়া স্থিতিক ককৰ্থনা কৰে চিপিআই(এম) দলেও। বাওপন্থী দলটোৱে বুধবাৰে মহানগৰীৰ গুৱাহাটী ক্লাৱৰ ৰটাৰীত প্ৰতিবাদী সমদল উলিয়ায়।
Published by: Kokil Sarma
FIRST PUBLISHED : July 27, 2022, 17:36 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।