ছিণ্ডিকেট, মূল্যবৃদ্ধিৰ পৰা বাজেটক লৈ চৰকাৰৰ বিৰুদ্ধে তীক্ষ্ণ সমালোচনা অসম জাতীয় পৰিষদ (Assam Jatiya Parishad)ৰ সভাপতি লুৰিণ জ্যোতি গগৈ (LurinJyoti Gogoi)ৰ। আজি এক সংবাদমেলত লুৰিণ জ্যোতি গগৈয়ে দুৰ্নীতিৰ বিৰুদ্ধে বিজেপি চৰকাৰে কৰা তদন্ত ৰাইজক দেখুৱাবৰ বাবেহে বুলি কটাক্ষ কৰে। লুৰিণৰ অভিযোগ প্ৰকৃত তদন্ত কৰি সকলো দোষীক কাৰায়ত্ব কৰা হোৱা নাই। বৰং এই চৰকাৰখন ছিণ্ডিকেটযুক্ত চৰকাৰলৈ পৰিণত হৈছে বুলি গুৰুতৰ অভিযোগ কৰে লুৰিণে।
গৰু ছিণ্ডিকেটৰ ন্যায়িক তদন্ত দাবী কৰি AJPৰ সভাপতি লুৰিণে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই কৈছিল ৰাজ্যত গৰু ছিণ্ডিকেট (Cow Syndicate)ৰ নামত ১ হাজাৰ কোটি টকা লেনদেন হৈছে। সেয়ে ২০০৬ চনৰ পৰা গৰু ছিণ্ডিকেটৰ তদন্ত কৰাৰ দাবী কৰে AJPয়ে। এই প্ৰসংগত প্ৰধানমন্ত্ৰীলৈও AJPযে পত্ৰ প্ৰেৰণ কৰিব বুলি জনায় লুৰিণে।
ইপিনে মূল্যবৃদ্ধি (Price Rise)ক লৈও কঠোৰ সমালোচনা কৰে লুৰিণে। ২০১৬ চনৰ মে' মাহৰ পৰা আজিৰ সময়লৈ বৃদ্ধি হোৱা মূল্যবৃদ্ধিৰ তালিকা প্ৰকাশ কৰি লুৰিণে দেখুৱায় যে মচুৰ দাইল ২০১৬ চনত আছিল ৪৮ টকা আৰু বৰ্তমান মূল্য ১০০ টকাৰ অধিক। অসমত বছৰি ২০% মূল্য বৃদ্ধি হোৱা বুলি তথ্য প্ৰকাশ কৰি লুৰিণে কয় মূল্যবৃদ্ধিৰ পৰা ৰাইজক সকাহ দিবলৈ কোনো ব্যৱস্থা নাই চৰকাৰৰ।
আনহাতে শেহতীয়াকৈ দাখিল কৰা বাজেট ( Assam Budget)খনক উৎপাদনশীলতা শূন্য বাজেট আখ্যা দিয়ে লুৰিণে। কৃষি, শিক্ষা সন্দৰ্ভত একো পৰিকল্পনা নথকা বাজেটখনক চমক সৃষ্টিকাৰী বাজেট বুলি সমালোচনা কৰে লুৰিণে।
পৰীক্ষা মূল্যাংকন পদ্ধতিত আসোৱাহ আছে বুলি অভিযোগ কৰি লুৰিণে কয় যে দুৰ্নীতি অনিয়ম হ'ব বুলি পূৰ্বেই অনুমান কৰিছিল AJPয়ে। লুৰিণৰ আহ্বান "প্ৰথমে প্ৰক্ৰিয়াটো নিৰ্ণয় কৰক তাৰ পিছত আগবাঢ়ক।"
Published by: Manjumoni Borah
FIRST PUBLISHED : July 18, 2021, 15:33 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|