কাউৰীৰ বাহত হাত দিছিল আৰক্ষীয়ে ৷ সেয়ে কাউৰীয়ে জাঙুৰ খাই উঠিছিল ৷ এয়া কাউৰীৰ দোষ নহয় ৷ দোষ আৰক্ষীৰ ৷ ছিপাঝাৰৰ ধলপুৰ গৰুখুটিৰ উচ্ছেদিত লোকক কাউৰীৰ সতে তুলনা কৰি আৰক্ষীক দোষাৰোপ AIUDFৰ বিধায়ক আমিনুল ইছলামৰ ৷
আমিনুল ইছলামৰ অভিযোগ আৰক্ষীয়ে উচ্ছেদিত জনতাক বৰ্বৰভাৱে আক্ৰমণ চলাইছিল ৷ মৃত ব্যক্তিকো আক্ৰমণ চলাইছিল আৰক্ষীৰ সহযোগীয়ে ৷ ঘটনাৰ উচিত তদন্তৰ দাবী জনাই গুৱাহাটী উচ্চ ন্যায়লয়ৰ ন্যায়ধীশৰ জড়িয়তে তদন্ত কৰিলেহে সকলো স্পষ্ট হ'ব বুলি দাবী আমিনুল ইছলামৰ।
আনহাতে ঘটনাৰ আঁৰত তৃতীয় পক্ষ জড়িত থকা বুলি অভিযোগ কৰি এই তৃতীয় পক্ষ চৰকাৰ বুলি দোষাৰোপ কৰে AIUDFৰ নেতাজনে ৷ আমিনুল ইছলামৰ অভিযোগ, "সোমবাৰৰ পৰা উচ্ছেদ হৈছিল কিন্তু অশান্ত পৰিস্থিতি হোৱা নাছিল ৷ পৰিস্থিতি স্বাভাৱিক হৈ থকাটো বিচৰা নাছিল চৰকাৰে ৷ সেয়ে তৃতীয় শক্তিৰূপে চৰকাৰে অপ্ৰীতিকৰ পৰিবেশ সৃষ্টিৰ চেষ্টা চলাইছে।"
একে সময়তে বিজেপি চৰকাৰখনক সাম্প্ৰদায়িক আখ্যা দিয়াৰ লগতে চৰকাৰখনে সংখ্যালঘুৰ ওপৰত সঘনে আঘাট সনাৰ চেষ্টা কৰি অহা বুলিও বিজেপিৰ বিৰুদ্ধে অভিযোগ AIUDF দলৰ ৷
উল্লেখ্য যে গৰুখুঁটিৰ প্ৰসংগক লৈ আজি ৰাজ্যপালক সাক্ষাৎ কৰিছিল AIUDFৰ বিধায়ক আমিনুল ইছলাম, বিধায়ক ৰফিকুল ইছলাম আৰু বিধায়িনী দলপতি বছিৰ আহমেদ কাছিমীয়ে ৷
Published by: Manjumoni Borah
FIRST PUBLISHED : September 25, 2021, 16:11 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।