ৰাজ্যত ক'ভিডৰ বাবেই সৃষ্টি হৈছে এক উদ্বেগজনক পৰিস্থিতিৰ। এনে সময়ত শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ লগতে স্বাস্থ্যৰ কথাও সমানে ভাবিবলগীয়া হৈছে। যাৰ পৰিপ্ৰেক্ষিতত আজি এক নিৰ্দেশনাযোগে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা পিছুওবাৰ কথা অৱগত কৰে AHSECৰ পৰীক্ষা নিয়ন্ত্ৰকে।
১১ মে'ৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা। মাজত আছিল মাত্ৰ এটা সপ্তাহ। সাজু হৈ উঠিছিল শিক্ষাৰ্থী, কিন্তু ক'ৰোনাৰ বাবেই ব্যাঘাত জন্মিল আগন্তুক পৰীক্ষাত। পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব সেয়া এতিয়াও কোনো নিশ্চয়তা কোনেও দিব পৰা নাই । তাৰ বাবে অপেক্ষা কৰিব লাগিব AHSECৰ পৰৱৰ্তী নিৰ্দেশনালৈ...
Published by: Kokil Sarma
FIRST PUBLISHED : May 04, 2021, 23:13 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|