• Home
  • »
  • News
  • »
  • assam
  • »
  • কৃষি মন্ত্ৰী অতুল বৰাৰ বিভাগত নিবনুৱা যুৱক যুৱতীক প্ৰৱঞ্চনা ! বিভাগীয় দায়িত্বহীনতাৰ বাবে পৰি ৰৈছে উপযুক্ত প্ৰশিক্ষণ কেন্দ্ৰ ! 

কৃষি মন্ত্ৰী অতুল বৰাৰ বিভাগত নিবনুৱা যুৱক যুৱতীক প্ৰৱঞ্চনা ! বিভাগীয় দায়িত্বহীনতাৰ বাবে পৰি ৰৈছে উপযুক্ত প্ৰশিক্ষণ কেন্দ্ৰ ! 

৩০ গৰাকী যুৱক যুৱতীক প্ৰশিক্ষণ দিব পৰা কেন্দ্ৰটোত ডেৰ বছৰে এবাৰলৈ নহ'ল প্ৰশিক্ষণ প্ৰদান ৷ বিভাগীয় দায়িত্বহীনতাৰ বাবে পৰি ৰৈছে উপযুক্ত প্ৰশিক্ষণ কেন্দ্ৰ !

  • Share this:
ৰাজ্যৰ লক্ষাধিক যুৱক যুৱতীক সংস্থাপন দিব পৰা এটা প্ৰশিক্ষণ কেন্দ্ৰ ৷ কেন্দ্ৰটোত প্ৰশিক্ষণ লৈ বহু নিবনুৱা যুৱক যুৱতী হ'ব পাৰে আত্মনিৰ্ভৰশীল ৷ নিজৰ লগতে আন দহজনক দিব পাৰে কৰ্ম সংস্থাপন ৷

তেনে সম্ভাৱনাময় এটা প্ৰশিক্ষণ কেন্দ্ৰ "সমূহীয়া ফল সংৰক্ষণ আৰু প্ৰশিক্ষণ কেন্দ্ৰ" ৷ ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ এই প্ৰশিক্ষণ কেন্দ্ৰটো নিৱনুৱা যুৱক যুৱতীয়ে প্ৰশিক্ষণ লৈ তৈয়াৰ কৰিব পাৰে জাম, জেলী, আচাৰ তথা চৰৱত ৷ ৩০ গৰাকী যুৱক যুৱতীক একেলগে প্ৰশিক্ষণ দিব পৰাকৈ কৃষি বিভাগৰ আন্তঃগাথনি ৷ লগতে কেন্দ্ৰটোত আছে আধুনিক প্ৰশিক্ষণ দিব পৰা সা-সজুলি ৷ পিছে, ইমানলৈ সকলো ঠিকেই আছে ৷ আছে গৰু নাবায় হাল হোৱাতকৈ নোহোৱাই ভাল ৷ চৰকাৰী ৰাজহ ব্যয় কৰি কোটি টকাৰে কৃষি বিভাগ প্ৰশিক্ষণ কেন্দ্ৰটো নিৰ্মাণ হ'ল ঠিকেই কিন্তু আজিলৈ এবাৰলৈ হোৱা নাই প্ৰশিক্ষণ ৷ মহৎ উদ্দেশ্যৰে নিৰ্মাণ কৰা কেন্দ্ৰটোত মাথোন সংস্থাপন হৈছে চৰকাৰী তিনি বিষয়া কৰ্মচাৰীৰ ৷ তাৰ বাহিৰে নাই সৎ ব্যৱহাৰ ৷ অৱশ্যে নিবনুৱা যুৱক যুৱতীক প্ৰশিক্ষণ দিব সক্ষম নহোৱা কৃষি বিভাগে কিন্তু নিজ বিভাগৰ বিষয়া কৰ্মচাৰীক সময়ে সময়ে প্ৰদান কৰিছে প্ৰশিক্ষণ ৷ আত্মনিৰ্ভৰশীল, স্বাৱলম্বীতা তথা দক্ষতা বিকাশত গুৰুত্ব দিয়া বিজেপি চৰকাৰৰ দিনত সচাকৈ এয়াই পৰিবৰ্তন নেকি ? নে অৱগত নহয় বিভাগীয় মন্ত্ৰী অতুল বৰা ৷
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি