মুখ্যপৃষ্ঠা »খবৰ »অসম »Water Transport: ২০১৮ত ভটভটী দুৰ্ঘটনাৰ পিছতে চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছিল ! তথাপিও প্ৰান্তে প্ৰান্তে কেনেকৈ চলি থাকিল বেআইনী ভটভটী ? নিৰ্মাণ নহ'ল স্থায়ী ঘাট, নচলিল ১২ কোটি টকীয়া জাহাজ...

Water Transport: ২০১৮ত ভটভটী দুৰ্ঘটনাৰ পিছতে চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছিল ! তথাপিও প্ৰান্তে প্ৰান্তে কেনেকৈ চলি থাকিল বেআইনী ভটভটী ? নিৰ্মাণ নহ'ল স্থায়ী ঘাট, নচলিল ১২ কোটি টকীয়া জাহাজ...

২০১৮ চনৰ গুৱাহাটী ভটভটী দুৰ্ঘটনাৰ পিছতে ভটভটী চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছিল । অনুজ্ঞা পত্ৰহীনভাবে দীৰ্ঘদিনধৰি বিপদজ্জনক ভটভটী চলাই অহাৰ পিছতো নীৰৱ প্ৰশাসন চৰকাৰে  দুৰ্ঘটনাৰ পিছতো আনক দোষ দিয়া দেখা গৈছিল ।

২০১৮ চনৰ গুৱাহাটী ভটভটী দুৰ্ঘটনাৰ পিছতে ভটভটী চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছিল । অনুজ্ঞা পত্ৰহীনভাবে দীৰ্ঘদিনধৰি বিপদজ্জনক ভটভটী চলাই অহাৰ পিছতো নীৰৱ প্ৰশাসন চৰকাৰে  দুৰ্ঘটনাৰ পিছতো আনক দোষ দিয়া দেখা গৈছিল ।

  • Share this:
চৰকাৰে ফেৰী দুৰ্ঘটনা (Ferry Accident) সম্পৰ্কত মিথাচাৰৰ আশ্ৰয় লৈছে নেকি ? কিয়নো ২০১৮ চনৰ ৫ ছেপ্তেম্বৰৰ উত্তৰ গুৱাহাটী ভটভটী দুৰ্ঘটনাৰ পিছত কেইজনমান কৰ্মচাৰীক নিলম্বন কৰা হৈছিল । অনুজ্ঞা পত্ৰহীনভাবে দীৰ্ঘদিনধৰি বিপদজ্জনক ভটভটী চলাই অহাৰ পিছতো নীৰৱ প্ৰশাসন চৰকাৰে  দুৰ্ঘটনাৰ পিছতো আনক দোষ দিয়া দেখা গৈছিল ।

জল পৰিবহণ বিভাগ (Water Transport Dept) আৰু জিলা প্ৰশাসনৰ গা এৰাই চলা মনোভাবৰ বাবেই ইন্ধনহীন ভটভটী উমানন্দ মন্দিৰৰ পৰা প্ৰায় দুই কিঃমিঃ পানীত ভাহি অশ্বক্লান্ত  দেৱালয় সমীপৰ জাইকাৰ নিৰ্মীয়মান পানী প্ৰকল্পৰ দলঙত খুন্দা খাই ভয়াৱহ নাও দুৰ্ঘটনা সঃঘটিত হৈছিল । এই দুৰ্ঘটনাত উত্তৰ গুৱাহাটীৰ এজন যুৱক আৰু দুগৰাকী ছাত্ৰী নিহতৰ লগতে প্ৰায় বাৰগৰাকী লোক নিখোজ হোৱাৰ সন্দেহ কৰা হৈছিল । আভ্যন্তৰীণ জল পৰিবহন বিভাগে কেইবাবাৰো ভটভটী সমুহক নিজৰ নিয়ন্ত্ৰনলৈ আনিবলৈ প্ৰচেষ্টা চলাইছিল । ব্ৰহ্মপুত্ৰত ভটভটী চলোৱাৰ ক্ষেত্ৰত চালকৰ প্ৰশিক্ষণ , যাত্ৰীৰ বাবে পৰ্যাপ্ত লাইফ জেকেট ,যাত্ৰীৰ বীমা , ৪০ জনৰ অধিক যাত্ৰী কঢ়িয়াব নোৱাৰিব, ভটভটীৰ চালি উন্মুক্ত ৰাখি বাইক কঢ়িওৱা বাৰণকে ধৰি বহু নিয়ম সংলগ্ন কৰিছিল । কিন্তু প্ৰশাসনে নিয়ম বান্ধে ঠিকেই, কাৰ্যকৰী কৰাত মুঠেই চকু নিদিয়ে । যাৰ বাবেই ২০১৮ চনত শিহৰণকাৰী ভটভটী দুৰ্ঘটনাত বহু লোকৰ মৃত্যু হৈছিল । লক্ষণীয় যে প্ৰায় এঘণ্টা মৰণকাতৰ আৰ্তনাদৰ পিছতো সমীপতে থকা দুৰ্যোগ ব্যৱস্থাপনা বিভাগ সাৰ পোৱা নাছিল ।  দুৰ্ঘটনাত পানীৰ পৰা নাৱৰীয়া আৰু স্থানীয় লোকেহে উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰিছিল । এই দুৰ্ঘটনাৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ত তৰা ৰাজহুৱা স্বাৰ্থজনিত গোচৰৰ আধাৰত প্ৰশাসনে ব্ৰহ্মপুত্ৰত ভটভটী চলাচল বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছিল । সেইমৰ্মে গুৱাহাটীত সম্পূৰ্ণৰূপে ভটভটী সেৱা বন্ধ হ'ল আৰু উত্তৰ গুৱাহাটীৰ শতাধিক পৰিয়ালৰ জীৱন জীৱিকা স্থবিৰ হৈ পৰিল । পুৰুষানুক্ৰমে নৌকা চলাচলৰ জৰিয়তে পেট প্ৰবৰ্তোৱা পৰিয়াল সমূহে চৰকাৰী নিয়মমতে ভটভটী চলাচলৰ অনুমতি বিচাৰি আবেদন জনাইছিল । সেইমৰ্মে ন্যায়ালয়ে ভটভটী সমুহ আহল বহল ,দুটা ইঞ্জিনযুক্ত , চালকৰ প্ৰশিক্ষণকে ধৰি বহু নিয়ম নিৰ্ধাৰণ কৰিছিল । কিন্তু , ন্যায়ালয়ে নিৰ্ধাৰণ কৰা নিয়ম মতে এখন ভটভটী নিৰ্মানৰ  খৰচ ছয় লাখ টকা । দুখীয়া নাৱৰীয়া সকল এই গধুৰ বোজা দাঙিবলৈ অসমৰ্থ হোৱাত চৰকাৰে ঋণ প্ৰদানৰ কথা ঘোষণা কৰিছিল । কিন্তু চৰকাৰ ন্যায়ালয়ৰ নিয়ম পালনত অসমৰ্থ লোক সকলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰতো আবেদন নিবেদন কৰি বিফল হ'ল । যাৰ বাবে উত্তৰ গুৱাহাটীৰ নৌকা চালক সকলে নাঁৱৰ আশা বাদ দি দিন হাজিৰা অথবা উদ্যোগৰ কামত নিয়োজিত হ'ল । ন্যায়ালয়ে বাধা কৰিলেও চৰ অঞ্চল আৰু যোৰহাট মাজুলীত মুকলিকৈ চলি থাকিল বেআইনী ভটভটী । সৰ্বোপৰি চোৰাং ব্যবসায়ীয়ে গুৱাহাটীৰ পৰা বিভিন্ন প্ৰান্তত ভটভটী চলাই থকাৰ পিছতো চৰকাৰ প্ৰশাসন নীৰৱ থকাৰ মাজতে ধুবুৰীত পুণৰ ভটভটী দুৰ্ঘটনা হ'ল । জল পৰিবহণ বিভাগৰ অকৰ্মণ্যতা আৰু মাজুলী নিমাতী ঘাটৰ পনবন্দী জনতায়ো উপায়ন্তৰ হৈ মৰণক শৰণ দি ভটভটীকে ভৰসা কৰি যাতায়াত কৰি থাকিল । নিমাতী ঘাটৰ দুৰ্ঘটনাৰ পিছতো  কেইজনমান বিষয়া অভিযন্তাক নিলম্বন কৰিয়ে দায়িত্ব সামৰিলে  । স্থল পৰিবহণ বিভাগ যদি সুচাৰুৰূপে চলে জল পৰিবহনত কিয় লাগে অথন্তৰ । কিয়  বাৰ কোটি টকীয়া ৰপেক্স জাহাজ ব্ৰহ্মপুত্ৰত নচলে । যদি চলাবলৈ অসুবিধা , আগতীয়া পৰ্যবেক্ষণ কৰা নাছিল নেকি বিষয়া অভিযন্তাই । আন্ত: ৰাষ্ট্ৰীয় জলমাৰ্গ ,গুৱাহাটীত জাহাজ টাৰ্মিনেল ,বন্দৰ , স্থায়ী ঘাটৰ কথা কোৱা মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে পৰিদৰ্শন কৰিছেনে অসম উত্তৰ পুৱৰ একমাত্ৰ নাবিক প্ৰশিক্ষণ কেন্দ্ৰত কিয় বিপদঘণ্টা বাজিছে ! কিমান বছৰৰ পৰা প্ৰশিক্ষণ বিহীনভাবে নাবিক তৈয়াৰ হৈ আছে ? কিয় বাৰিষা পানীৰ বাবে জাহাজ চলাব নোৱাৰে , কিয় আজিলৈ নহল স্থায়ী ঘাট ? প্ৰতিটো পাৰঘাটৰ অনাবশ্যক কৰ্মী আঁতৰাই কৰ্ম সংস্কৃতিৰ দিশেৰে বিভাগটিক জাকতজিলিকা কৰাৰ সময় এয়াই।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি