বৰঝাৰ বিমানবন্দৰৰ সমীপৰ ভি আই পিত আৰ আৰ চিনেমাছ নামৰ এটা চলচ্চিত্ৰ গৃহ মুকলি কৰিলে অভিনেত্ৰী আইমী বৰুৱা (Aaimi Baruah)ই । যিটো সময়ত কোভিড ৰ বাবেই হওঁক বা অন্যান্য অসুবিধাৰ বাবে হওঁক ৰাজ্যখনৰ চলচ্চিত্ৰ গৃহসমূহ বন্ধ হৈ পৰিছে, সেই সময়তে মহানগৰীৰ পশ্চিম প্ৰান্তৰ বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ বিনোদনৰ বাবে ভি আই পিত অভিনেত্ৰী আইমী বৰুৱাই মুকলি কৰিলে আৰ আৰ চিনেমাছ নামৰ এক চলচ্চিত্ৰ গৃহ ।
শীত-তাপ নিয়ন্ত্ৰিত তথা অত্যাধুনিক প্ৰযুক্তিৰে সাজি উলিওৱা এই চলচ্চিত্ৰ গৃহটোত ১৩৫ গৰাকী দৰ্শকে একেলগে চিনেমা উপভোগ কৰিব পাৰিব । প্ৰতিদিনে ৫ টাকৈ দর্শনীৰ ব্যৱস্থা থাকিব বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে । চলচ্চিত্ৰ গৃহটোৰ শুভ উদ্বোধনী অনুষ্ঠানত আইমী বৰুৱা, প্ৰিয়ম পল্লৱী আদিকে ধৰি কেবাগৰাকীও বিশেষ ব্যক্তি উপস্থিত থাকে । চিনেমা উদ্যোগটোক জীয়াই ৰাখিবলৈ হ'লে এনেধৰণৰ চলচ্চিত্ৰ গৃহ সমূহে বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগিব বুলি আইমী বৰুৱাই মন্তব্য কৰে ।
আনহাতে অসমীয়া চলচ্চিত্ৰ মুকলি দিয়াৰ ক্ষেত্ৰত একাংশ চিনেমা হলে যি ধৰণে অৱেহেলা কৰি আহিছে তাৰ বিপৰীতে আৰ আৰ চিনেমাছে অসমীয়া চলচ্চিত্ৰসমূহ মুকলিৰ ক্ষেত্ৰত বিশেষভাবে পদক্ষেপ গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে চলচ্চিত্ৰ গৃহটোৰ কৰ্তৃপক্ষই।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|