মুখ্যপৃষ্ঠা »খবৰ »অসম »অতি উদ্বেগজনক তথ্য, মহানগৰীত ৩৬৫ দিনত ৩৭৩টা আত্মহত্যাৰ ঘটনা, আৰক্ষীয়ে মুকলি কৰিব হেল্পলাইন নম্ৱৰ

অতি উদ্বেগজনক তথ্য, মহানগৰীত ৩৬৫ দিনত ৩৭৩টা আত্মহত্যাৰ ঘটনা, আৰক্ষীয়ে মুকলি কৰিব হেল্পলাইন নম্ৱৰ

বিগত বৰ্ষটোত ফটাশিল থানাত সৰ্বাধিক ৭৯টা আত্মহত্যাৰ গোচৰ ৰুজু হৈছে।

বিগত বৰ্ষটোত ফটাশিল থানাত সৰ্বাধিক ৭৯টা আত্মহত্যাৰ গোচৰ ৰুজু হৈছে।

বিগত বৰ্ষটোত ফটাশিল থানাত সৰ্বাধিক ৭৯টা আত্মহত্যাৰ গোচৰ ৰুজু হৈছে।

  • Share this:

ৰাজ্যৰ ৰাজধানী চহৰত বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা (Suicide case)। এই উদ্বেগজনক তথ্য আহিছে গুৱাহাটীৰ আৰক্ষীৰ পৰা। উদ্বেগজনক  তথ্য অনুযায়ী মহানগৰীত এদিনত এজনতকৈ অধিক লোকে কৰে আত্মহত্যা। মহানগৰীত ৩৬৫ দিনত ৩৭৩টা আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে এই বৰ্ষটোত ।


কামৰূপ মহানগৰ আৰক্ষী আয়ুক্তৰ প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুযায়ী চানমাৰি থানাত ৮টা, গীতানগৰ থানাত ৪টা, নুনমাটি থানাত ২৬, প্ৰাগজ্যোতিষপুৰ থানাত ৮টা, সাতগাঁও থানাত ২০টা, পাণবজাৰ থানাত ২টা, পল্টনবজাৰ থানাত ২৫টা, লতাশিল থানাত ১২টা, দিছপুৰ থানাত ৪২টা, ভঙাগড় থানাত ৮টা, বশিষ্ঠ থানাত ২১, হাতীগাঁও থানাত ২০টা, ক্ষেত্ৰী থানাত ১৭টা, সোণাপুৰ ১৯টা, ভৰলুমুখ থানাত ২টা, জালুকবাৰী থানাত ২৫টা, গৰচুক থানাত ২টা, ফটাশিল থানাত ৭৯টা আৰু আজাৰা থানাত ৩৩টা আত্মহত্যাৰ ঘটনা পঞ্জীয়ন হয় এই বৰ্ষটোত।


 এটা বছৰত আত্মহননৰ এই তথ্য স্বাভাৱিকতে উদ্বেগজনক বুলি উল্লেখ কৰিছে  মহানগৰ আৰক্ষীয়ে (Kamrup metro police)। আৰক্ষীয়ে আত্মহননৰ ঘটনা কেনেকৈ হ্ৰাস কৰিব পাৰি  তাক লৈ দীৰ্ঘম্যাদী পৰিকল্পনা যুগুত কৰিছে। এই ক্ষেত্ৰত বিভিন্ন সংস্থাৰ সহযোগত একেলগে আগবঢ়াৰ সিদ্ধান্ত লৈছে আৰক্ষীয়ে। আৰক্ষীয়ে শীঘ্ৰে হেল্পলাইন নম্বৰ (Helpline Number) মুকলিৰো ব্যৱস্থা কৰিব বুলি জানিব পৰা হৈছে। হতাশগ্ৰস্ততা ভুগি থকা যি কোনো লোকে বিনামূলীয়া পৰামৰ্শ লব পাৰিব বুলি উল্লেখ কৰিছে। আনহাতে   যি কোনো অগতানুগতিক চালচলন দেখা পালেই হেল্পলেইন নম্বৰত সহায় বিচৰাৰ আহ্বান জনায় আৰক্ষীয়ে। এইক্ষেত্ৰত NGO আৰু সংবাদ মাধ্যমৰো পূৰ্ণ সহযোগিতা বিচাৰিছে আৰক্ষীয়ে।


 Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি