নিজৰ স্থিতিত অটল ABVP। প্ৰাথমিক শিক্ষা সম্পূৰ্ণৰূপে মাতৃভাষাত হ'ব লাগিব। আজি শিক্ষামন্ত্ৰীৰ সৈতে দীঘলীয়া বৈঠকত মিলিত হয় অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ। বৈঠকৰ পিছতে ABVPৰ মন্তব্য - দুটা বিষয়ক লৈ শিক্ষমন্ত্ৰীৰ লগত আলোচনা হৈছে। মাধ্যম সন্দৰ্ভত ABVP পূৰ্বৰ স্থিতিত অটল আছে। শিক্ষামন্ত্ৰীৰ সন্মুখত আমাৰ যুক্তি দাঙি ধৰা হৈছে। বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰি বিবেচনা কৰা হ'ব বুলি কৈছে মন্ত্ৰী ৰনোজ পেগুৱে। আমি গণস্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ শিক্ষামন্ত্ৰীক। আমি ইংৰাজী জাপি দিয়া সিদ্ধান্তৰ বিৰোধিতা সদায় কৰি যাম।
"আনহাতে ABVP বিজেপিৰ সংগঠন নহয় বুলি আগৰে পৰাই কৈ আহিছোঁ। পূৰ্বৰে পৰা ABVPয়ে চৰকাৰৰ কেতবোৰ সিদ্ধান্তৰ বিৰুদ্ধে মাত মাতি আহিছোঁ" বুলিও মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ছাত্ৰ সংগঠনটোৱে।
বৈঠকৰ অন্তত শিক্ষামন্ত্ৰীয়েও মন্তব্য প্ৰকাশ কৰে। মন্ত্ৰী ৰনোজ পেগুৱে কয়, "বিভিন্ন সমস্যা সৰ্ন্দভত ABVPৰে বৈঠক অনুস্থিত হয়। ১৮ টা দাবী আছিল গোটেই খিনি আমি সহমতত উপনিত হৈছো। গণিত আৰু বিজ্ঞান ভাষা ইংৰাজী মাধ্যম হোৱা সৰ্ন্দভত আলোচনা হৈছে। বিভিন্ন সাহিত্য সভাৰ লগত আলোচনা কৰা হৈছে। হাতপুথি মাতৃভাষা মাধ্যমত হ'ব। ইংৰাজী ভাষাতো অনুশীলন কৰিব লাগিব ছাত্ৰ-ছাত্ৰীয়ে। প্ৰাক প্ৰাথমিকৰ এটা স্তৰলৈকে মাতৃ ভাষাতে শিক্ষাদান কৰা হ'ব। বুনিয়াদী শিক্ষা মাতৃভাষাত হ'ব। এইক্ষেত্ৰত পুনৰীক্ষণৰ কোনো কথা নাই। ৰাষ্ট্ৰীয় শিক্ষানীতি মতে প্ৰাথমিক শিক্ষা মাতৃভাষাত হ'ব লাগে। ইংৰাজী আমি উপৰিঞ্চি শিকাব বিচাৰিছোঁ।"
আনহাতে বিদ্যালয় একত্ৰিকৰণ সৰ্ন্দভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে কয়, "আমি বিদ্যালয় বন্ধ কৰা নাই। কম ছাত্ৰ-ছাত্ৰী থকা, কম দূৰত্বৰ দুখন বিদ্যালয় এখন কৰিছোঁ। বিদ্যালয়ত শিক্ষকৰ সমবিতৰণ হোৱা নাই। ক'ৰবাত ছাত্ৰ-ছাত্ৰী বেছি, শিক্ষক কম। আমি সেইবোৰ চাই আছো। ২০০০ মান প্ৰপ'জেল আছে। কিমান বিদ্যালয় বন্ধ হয় এতিয়াই ক'ব নোৱাৰি। বৰণ্যে ব্যক্তিসকলৰ নাম থকা বিদ্যালয়ৰ নাম ৰাখিবলৈ চেষ্টা কৰা হ'ব।"
Published by: Manjumoni Borah
FIRST PUBLISHED : August 26, 2022, 20:12 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।