হাইস্কুল শিক্ষান্ত পৰীক্ষা কেতিয়া হ'ব সেয়া এতিয়াাও নিশ্চিত হোৱা নাই। আজি ছেবা (SEBA)ই ঘোষণা কৰে কোভিড পৰিস্থিতি শাম কাটিলেহে অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা।
কোৰোণাৰ ভয়াৱহ সংক্ৰমণৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে অনিনিদিষ্টকালৈ হাইস্কুল শিক্ষান্ত পৰীক্ষা স্থগিত ঘোষণা কৰিছিল ৷ নতুন চৰকাৰে শপত গ্ৰহণৰ পিছতে পৰীক্ষা সম্পৰ্কত নিদিষ্ট সিদ্ধান্ত গ্ৰহণ কৰিব বুলি ঘোষণা কৰা হৈছিল যদিও কোভিডৰ পৰিস্থিতি অতি জটিললৈ গতি কৰাৰ বাবে কোনো সিদ্ধান্তই ল'ব পৰা নাাছিল ছেবা (SEBA) অথবা ৰাজ্য চৰকাৰে ৷ যাৰ ফলশ্ৰুতিত লাখ লাখ পৰীক্ষাথীৰ লগতে অভিভাৱকসকলৰ মন ভাঙি পৰিছে।
এনে পৰিস্থিতিত শনিবাৰে ছেবাৰ কাৰ্লযায়ত আছুৰ কেন্দ্ৰীয় নেতৃত্বৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাক লৈ আলোচনাত বহে ছেবা কৰ্তৃপক্ষ ৷ আলোচনাৰ অন্তত আছুৰ নেতৃবৰ্গই ক'লে কভিড পৰিস্থিতি শাম কাটিলেই হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷ কাৰণ CBSEৰ দৰে পৰীক্ষা বাতিল কৰি অন্য কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ উপায় নাই ছেবাৰ হাতত ৷ সেয়ে কোভিড পৰিস্থিতি শাম কটাৰ ১৫ দিনৰ ভিতৰতে পৰীক্ষা অনুষ্ঠিত কৰাৰ পূৰ্ণ সম্ভাৱনাৰ কথা ব্যক্ত কৰিলে আছু নেতৃত্বই ৷
Published by: Manjumoni Borah
FIRST PUBLISHED : May 22, 2021, 15:54 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|