অসম চুক্তি কাৰ্যকৰীকৰণত পুনৰ আত্মনিয়োগৰ সিদ্ধান্তৰে সমাপ্ত হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত সদৌ অসম ছাত্ৰ সন্থা (All Assam Student Union) চমুকৈ আছু (AASU)ৰ কাৰ্যনিৰ্বাহক বৈঠক। এই কাৰ্যনিৰ্বাহক বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে আছুৱে।
বৈঠকৰ অন্তত আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্য (Samujjal Kumar Bhattacharya)ই কয়, "অসম চৰকাৰে ইতিমধ্যে অসম চুক্তি (Assam Accord) কাৰ্যকৰীকৰণৰ উদ্দেশ্যেৰে সমিতি গঠন কৰিছে। এইবাৰ আমি ইতিবাচক ফলাফল লাভ কৰিম বুলি আশা কৰিছোঁ। ফলাফল পাবৰ বাবে আমি আত্মনিয়োগ কৰি যাম।"
একেসময়তে "আমি নাগৰিকত্ব সংশোধনী আইন (CAA)ৰো বিৰোধিতা কৰি যাম" বুলি মন্তব্য কৰে সমুজ্জল কুমাৰ ভট্টাচাৰ্যই।
সমগ্ৰ ৰাজ্যতে অৰ্থনৈতিক সংগ্ৰাম গঢ়ি তোলাৰ সিন্ধান্ত গ্ৰহণ কৰা হৈছে এই কাৰ্যনিৰ্বাহক বৈঠকত। আছুৰ নেতৃত্বত ৰাজ্যজুৰি 'অসম সেনা' আৰু 'অসম উন্নতি সভা' গঠনৰ সিদ্ধান্ত লোৱা হৈছে। পৰিকল্পিত অৰ্থনৈতিক সংগ্ৰাম গঢ়ি তোলাৰ উদ্দেশ্যেৰে এই সমিতি গঠন কৰা হ'ব। নৱেম্বৰৰ পৰা অসম সেনা আৰু অসম উন্নতি সভাৰ সমিতি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব।
ইপিনে বেদখল (Eviction) সন্দৰ্ভত আলোচনা কৰি চৰকাৰে ৰক্তপাত নোহোৱাকৈ শান্তিপূৰ্ণভাৱে বেদখল উচ্ছেদ কৰিব লাগে বুলি আলোচনা কৰে আছুৱে। লগতে জাতীয় ছহীদক অপমান কৰা সকলো লোককে গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় আছুৰ কাৰ্বযনিৰ্বাহকে। ছহীদক অপমান কৰি গ্ৰেপ্তাৰ হোৱা কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী (Sherman Ali)ক কঠোৰ শাস্তি বিহাৰ দাবী জনোৱা হয় আছুৰ কাৰ্যনিৰ্বাহকত।
ছাত্ৰসমাজৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যতৰ লগতে অসমৰ কেইবাটাও জ্বলন্ত সমস্যা সন্দৰ্ভতো আলোচনা কৰা হৈছে।
কাৰ্যনিৰ্বাহক বৈঠকত আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ লগতে আছুৰ কাৰ্যনিৰ্বাহক সদস্যসকলো উপস্থিত আছিল।
আছুৰ সভাপতি দীপাংক কুমাৰ নাথে কয় যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধিতাৰে ২২ অক্টোবৰত ৰাজ্যজুৰি হ'ব আছুৰ সত্যাগ্ৰহ।
আনহাতে হাইস্কুল শিক্ষান্ত, উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হ'ব । হাই মাদ্ৰাছাৰ শিক্ষাৰ্থীকো আছুৰ তৰফৰ পৰা জনোৱা হ'ব অভিনন্দন।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|