যুৱকজনৰ নাম চাইদুল হক। গুৱাহাটীত এখন সৰু পাণ–তামোলৰ দোকান দিয়া চাইদুলৰ সপোন আছিল এখন বাইক লোৱাৰ। কিন্তু সৰু পাণ–তামোলৰ দোকানখনৰ উপাৰ্জনেৰে সেয়া অসম্ভৱ আছিল। কিন্তু ধৈৰ্য আৰু ইচ্ছাশক্তি যেতিয়া থাকে, অসম্ভৱ বুলি হয়তো একো নাই। তাকেই প্ৰমাণ কৰি দেখুৱালে যুৱকজনে।
সপোনৰ বাইকখন কিনিবলৈ চাইদুলে জমা কৰি গৈছিল ১ টকীয়া, ২ টকীয়া, ৫ টকীয়া আৰু ১০ টকীয়া মুদ্ৰা। প্ৰতিদিনে দোকানখনৰ উপাৰ্জনৰ এটা অংশ জমা কৰি গৈছিল চাইদুলে। প্ৰায় ৬ বছৰ ধৰি ধৈৰ্য সহকাৰে চাইদুলে নিজৰ সপোনৰ বাহনখন কিনিবলৈ এইদৰেই জমা কৰিছিল ধন। আৰু অৱশেষত সেই দিনটো আহিল।
কান্ধত এটা বস্তাত খুচুৰা মুদ্ৰাবোৰ লৈ বাইকৰ শ্ব’ৰুমলৈ আহিল চাইদুল। গাড়ীৰ শ্ব’ৰুমত সেই টকাখিনি জমা দি সপোনৰ বাইকখন কিনিলে চাইদুলে। ৬ বছৰত ৯০ হাজাৰ টকা জমা কৰি নিজৰ বহুদিনীয়া সপোন পূৰণ কৰিলে যুৱকজনে। ঘৰলৈ লৈ গ’ল এখন হোণ্ডা ডিঅ’ বাহন।
বস্তাত মুদ্ৰা লৈ চাইদুল শ্ব’ৰুমটোত উপস্থিত হোৱাৰ পিছতে পইচা গণিবলৈ লাগিল শ্ব’ৰুমৰ কৰ্মচাৰীসকল। টকা গণি শেষ হোৱাৰ পিছত চাইদুলক গামোচা পিন্ধাই ডেলিভাৰী দিলে হোণ্ডা ডিঅ’ বাহনখন।
নিজৰ সপোন পূৰণ কৰি এতিয়া আনন্দিত চাইদুল। আনহাতে, শ্ব’ৰুমটোৰ কৰ্মচাৰীসকলেও চাইদুলৰ দৰে এজন গ্ৰাহক পাই সুখী বুলি মন্তব্য কৰে। তেওঁলোকে কয়, বাতৰি কাকত বা সংবাদ মাধ্যমত এনে ধৰণৰ ঘটনা আগতে শুনিছে, কিন্তু স্বচক্ষে এই ঘটনা দেখি সঁচাকৈ আনন্দিত।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 22, 2023, 08:22 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।