ৰাজ্যত দিনক দিনে বৃদ্ধি পাই আহিছে বিভিন্ন অপৰাধজনিত ঘটনা। ইয়াৰ বিৰুদ্ধে আৰক্ষী-প্ৰশাসনৰ কঠোৰ অভিযান অব্যাহত থকাৰ মাজতেই এইবাৰ দুষ্ট চক্ৰৰ লক্ষ্য হৈ পৰিল গুৱাহাটী মহানগৰ আৰক্ষীৰ আয়ুক্ত দিগন্ত বৰা। আৰক্ষী বিষয়াগৰাকীৰ কোনো দুষ্ট চক্ৰই ভুৱা ফেচবুক একাউণ্ট খুলি বিভিন্নজনক ধন বিচাৰি মেচেজ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ নাম আৰু ফটো ব্যৱহাৰ কৰি দুষ্ট চক্ৰই ভুৱা ফেচবুক একাউণ্ট খুলিছিল। অকল আৰক্ষী আয়ুক্ত দিগন্ত বৰাই নহয়, শীৰ্ষ বহু আৰক্ষী বিষয়াৰ নামত দুষ্ট চক্ৰটোৱে ইতিমধ্য ভুৱা ফেচবুক একাউন্ট খুলি বিভিন্নজনলৈ টকা বিচাৰি মেছেজ প্ৰেৰণ কৰিছিল। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে বৰ্তমানলৈ এই ঘটনাৰে জড়িত চক্ৰৰ এজনো লোকক আৰক্ষীয়ে কৰায়ত্ত্ব কৰিবলৈ সক্ষম হোৱা নাই।
Published by: Sehnaz Begum
FIRST PUBLISHED : March 26, 2023, 21:53 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।