ভাৰতীয় ষ্টেট বেংকে (State Bank of India) কৰ্পৰেট সামাজিক দায়বদ্ধতা (Corporate Social Responsibility) কাৰ্যসূচীৰ অধীনত প্লাষ্টিক সংগ্ৰহ আৰু পুনঃব্যৱহাৰৰ (Recycle) বাবে প্লাষ্টিক বেংক (Plastic Bank) স্থাপন কৰাৰ লগতে 'শূন্য আৱৰ্জনাযুক্ত চৌহদ' (Zero Waste Campus) ব্যৱস্থা গ্ৰহণ কৰি বিদ্যালয়সমূহক আৱৰ্জনামুক্ত (Waste Free) কৰাৰ পদক্ষেপেৰে এক প্ৰশংসনীয় প্ৰকল্প ৰূপায়ণ কাৰ্যসূচী হাতত লয়।
উল্লেখযোগ্য যে, ভাৰতীয় ষ্টেট বেংকে বেচৰকাৰী সংস্থা 'এনাজৰী', The Midway Journey আৰু CARE North East Foundation ৰ সহযোগত বামুণীমৈদামৰ পূব গুৱাহাটী হাইস্কুলক (Pub Guwahati High School) 'Zero Waste School Campus' লৈ ৰূপান্তৰিত কৰিবলৈ দত্তক গ্ৰহণ কৰিছে। বিদ্যালয়খনৰ চৌহদত দুটা 'আৱৰ্জনা বেংক' দিয়া হৈছে, য'ত এটা 'প্লাষ্টিক বেংক' আৰু আনটো 'পেপাৰ বেংক' থাকিব যাতে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক কৰ্মচাৰীৰ মাজত স্বচ্ছ পৃথকীকৰণৰ প্ৰসাৰৰ মাধ্যমেৰে আচৰণত পৰিৱৰ্তন আনিব পৰা যায়। এই স্বচ্ছ আৱৰ্জনা নিষ্কাষণ পাত্ৰৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক সুৰক্ষা আৰু অনুমোদিত প্লাষ্টিক পুনঃব্যৱহাৰৰ বাবে সেই অনুসৰি আৱৰ্জনা প্লাষ্টিকৰ বেংকত পেলাবলৈ কোৱা হৈছে।
উল্লেখযোগ্য যে, স্কুলখনত এটা পচন সাৰৰ গাঁতৰো ব্যৱস্থা কৰা হৈছে য’ত খাদ্য আৱৰ্জনা আৰু গছৰ পাতৰে গঠিত সকলো জৈৱিক আৱৰ্জনা বাঁহৰ পাত্ৰত পচন সাৰ কৰাৰ ব্যৱস্থা কৰা হৈছে। Midway Journey য়ে ছাত্ৰ-ছাত্ৰীসকলক ভাল পচন সাৰ প্ৰস্তুত পদ্ধতি আৰু ঘৰতে পচন সাৰ প্ৰস্তুতকৰণ প্ৰক্ৰিয়াৰ বিষয়ে প্ৰশিক্ষণ দিয়ে যাতে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ঘৰ বা চুবুৰীত সেইখিনি অনুশীলন কৰিব পাৰে।
বৈঠকৰ আৰম্ভণিতে প্লাষ্টিকৰ ব্যৱহাৰ (Uses of Plastic) আৰু প্লাষ্টিকৰ জ্ঞান, যেনে প্লাষ্টিক আমাৰ জীৱনলৈ কেনেকৈ আহিল আৰু এতিয়া ই কেৱল মানুহৰ স্বাস্থ্যতে নহয়, জীৱ-জন্তু আৰু চৰাইৰ ওপৰতো কেনে প্ৰভাৱ পেলাইছে, সেইবিষয়ে বুজোৱা হয়। শেষত ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণে তেওঁলোকৰ বিদ্যালয়সমূহক কেনেকৈ শূন্য আৱৰ্জনা চৌহদত পৰিণত কৰিব পাৰে সেই সম্পৰ্কে আলোচনাৰে অধিবেশনৰ সামৰণি পৰে।
ভাৰতীয় ষ্টেট বেংকৰ সহকাৰী মহাপ্ৰবন্ধক ড° দেৱজ্যোতি দত্তই কয় যে স্বচ্ছ ভাৰত অভিযানৰ (Swachh Bharat Mission) জৰিয়তে আচৰণ পৰিৱৰ্তনৰ বাবে শিক্ষানুষ্ঠানসমূহ আমাৰ প্ৰথম অগ্ৰাধিকাৰ হ’ব লাগে। 'শূন্য আৱৰ্জনা বিদ্যালয়' কাৰ্যসূচীক সহায় কৰাৰ লগতে চৰকাৰৰ স্বচ্ছ ভাৰত অভিযানত অৰিহণা যোগাবলৈ SBI প্ৰতিশ্ৰুতিবদ্ধ।
'এনাজৰী'ৰ প্ৰতিষ্ঠাপক মিলীন দত্তই কয় যে “প্লাষ্টিক বেংকসমূহ পৃথকীকৰণৰ বিষয়ে জানিবলৈ এই সু-নিৰ্মিত আৰু অতি স্বচ্ছ আৱৰ্জনা পাত্ৰসমূহ স্থাপন কৰি পৰিষ্কাৰ পৃথকীকৰণক প্ৰসাৰিত কৰাটো এক অতি ফলপ্ৰসূ উপায়”। ঘৰুৱা পচন সাৰ ব্যৱস্থাৰ লগতে প্লাষ্টিক বেংকৰ ধাৰণাটো পৰিষ্কাৰ পৃথকীকৰণ, প্লাষ্টিকৰ আৱৰ্জনা উদ্ধাৰ আৰু জৈৱিক আৱৰ্জনাক পচন সাৰলৈ ৰূপান্তৰিত কৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ।
উল্লেখযোগ্য যে, কম সময়ৰ ভিতৰতে পূব গুৱাহাটী হাইস্কুলখনক বহনক্ষম প্ৰথা গ্ৰহণ কৰাৰ প্ৰচেষ্টা দেখি অত্যন্ত আনন্দিত হৈ পৰে ভাৰতীয় ষ্টেট বেংকৰ সহকাৰী মহা-প্ৰবন্ধকগৰাকী আৰু এই দিশত বিদ্যালয় আৰু বেচৰকাৰী সংস্থাৰ পদক্ষেপৰ শলাগ লয়। যদি এই প্ৰকল্পটো সফল হয় তেন্তে ভাৰতীয় ষ্টেট বেংকে হয়তো অনাগত দিনত অধিক বিদ্যালয়ত এনে পদক্ষেপ কাৰ্যকৰী কৰাৰ বিষয়ে চিন্তা কৰিব বুলিও উল্লেখ কৰে ড° দত্তই। তদুপৰি, চিটিজেন একচন গ্ৰুপৰ সদস্যসকলকো এই পদক্ষেপৰ বাবে আন্তৰিকতাৰে শলাগ লয় আৰু চলি থকা কাম-কাজসমূহক ভৱিষ্যতেও সমৰ্থন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।