গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৭৫ বছৰ পূৰ্তি উপলক্ষে আয়োজন কৰা মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি আজি গুৱাহাটীৰ জজ খেলপথাৰত মুখ্যমন্ত্ৰী একাদশ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ একাদশৰ মাজত এখন প্ৰীতি ক্ৰিকেট মেচ অনুষ্ঠিত হয়।
মুখ্যমন্ত্ৰী একাদশ দলত আছে অধিনায়ক ড° হিমন্ত বিশ্ব শৰ্মা, জি পি সিং, তৰংগ গগৈ, সুশান্ত বৰগোহাঁই, ৰূপজ্যোতি কুৰ্মী, সুশান্ত বিশ্ব শৰ্মা, পল্লৱ ঝা, বিবেক ৰাজ সিং, প্ৰতীক ঠৌবে, কাকু, আমজাদ আৰু বিজয় দেৱে।
উল্লেখযোগ্য যে, ২০ অভাৰত ১৩৯ ৰাণৰ টাৰ্গেট দিয়ে মুখ্য ন্যায়াধীশ একাদশে। মুখ্যমন্ত্ৰী একাদশৰ হৈ জি পি সিং আৰু মনোজ দাসে অপেনিং কৰে বেটিং অব্য়াহত আছে।
Published by: Subham Goswami
FIRST PUBLISHED : April 01, 2023, 19:50 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।