মুখ্যপৃষ্ঠা »খবৰ »অসম »Ganeshguri Ganesh Mandir: গনেশগুৰিৰ গনেশ মন্দিৰ : বহু ভক্তৰ আশা আৰু ভৰসাৰ উপাসনাস্থলী

Ganeshguri Ganesh Mandir: গনেশগুৰিৰ গনেশ মন্দিৰ : বহু ভক্তৰ আশা আৰু ভৰসাৰ উপাসনাস্থলী

X
গুৱাহাটীৰ //

গুৱাহাটীৰ এটা ঐতিহাসিক মন্দিৰ। 

গুৱাহাটীৰ এটা ঐতিহাসিক মন্দিৰ। গনেশগুৰিৰ সমীপতে থকা এই মন্দিৰ ইতিহাস বহু বছৰৰ পূৰ্বৰ । বহু ভক্তৰ বাবে বিশ্বাস আৰু ভৰসাৰ থলী এই মন্দিৰ । বহুতৰ বিশ্বাস- এই মন্দিৰত এগচি চাঁকি জ্বলাই আৰধনা কৰিলে মনৰ সকলো ইচ্ছা পূৰণ কৰে গনেশ দেৱতাই ।

  • Share this:
গুৱাহাটী, ২৫ মে': গুৱাহাটীৰ এটা ঐতিহাসিক মন্দিৰ । গনেশগুৰিৰ সমীপতে থকা এই মন্দিৰৰ ইতিহাস বহু বছৰৰ পূৰ্বৰ । ইতিহাস প্ৰসিদ্ধ এই মন্দিৰটোলৈ সমাগম হয় হাজাৰ হাজাৰ ভক্তৰ । গনেশ দেৱতাৰ মন্ত্ৰোচ্চাৰণেৰে প্ৰতিদিনেই মুখৰ হৈ থাকে এই মন্দিৰ । ১৯৭৬ চনৰ ১৫ ফেব্ৰুৱাৰীত এই মন্দিৰভাগৰ পুনৰ নিৰ্মাণ কৰা হয় ।

বহু ভক্তৰ বাবে বিশ্বাস আৰু ভৰসাৰ থলী এই মন্দিৰ । বহুতৰ বিশ্বাস- এই মন্দিৰত এগচি চাঁকি জ্বলাই আৰধনা কৰিলে মনৰ সকলো ইচ্ছা পূৰণ কৰে গনেশ দেৱতাই । পুৱা ৬ বজাৰ পৰাই নৈবদ্যৰে আগবঢ়াই ধূপ-চাকি জ্বলাই প্ৰভু গনেশক পূজা প্ৰাৰ্থনা কৰে ভক্তসকলে । অন্যহাতে অসুয়া-অশান্তি, হিংসা আদিবোৰ আঁতৰাই শান্তিৰ ঢল বোৱাবলৈ ভক্তৰ শৰণাপন্ন হয় গনেশ প্ৰভুৰ । প্ৰতি বছৰে গনেশ চতুৰ্থী উলহ-মালহেৰে আয়োজন কৰা হয় এই গনেশ মন্দিৰটোত ।

মন্দিৰৰ ভিতৰত চাৰিওফালে দেৱালৰ লগতে খুঁটাসমূহত অংকন কৰা হৈছে সকলো দেৱ-দেৱীৰ মূৰ্ত্তি । উল্লেখ্য যে বিগত ২০২১ চনৰ ২৪ মাৰ্চত গুৱাহাটীৰেই এজন ভক্ত, ব্যৱসায়ী অনুপম শৰ্মাই এটি সোণৰ গনেশ মূৰ্ত্তি দান কৰিছিল গনেশ মন্দিৰত ।

বহুকেইজন পূজাৰী আৰু মন্দিৰ পৰিচালনা সমিতিয়ে পৰিচালনা কৰি আছে মন্দিৰটো । পূজা কৰাৰ অন্তত শৰাই দিয়াৰ লগতে গনেশ প্ৰভুৰ প্ৰসাদ গ্ৰহন কৰে সকলোৱে ।ঐতিহাসিক মন্দিৰটোত বৰ্তমানেও আছে বহু সমস্যা । চৰকাৰে মন্দিৰটোৰ ক্ষেত্ৰত ইতিবাচক সহাঁৰি দিলে সুবিধা হ'ব ভক্তৰ লগতে পৰিচালনা সমিতিৰো ।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি