মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে আন ১৩ গৰাকী বিধায়কে।
এখন ভাল কেবিনেট গঠন কৰিছে নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নতুন-পুৰণি, অভিজ্ঞতা আৰু নতুনৰ উদ্যমৰ লগতে নতুন কেবিনেটত দেখা গৈছে অসমৰ বৈচিত্ৰৰ মাজত ঐক্যৰ চানেকী।
কেবিনেট মন্ত্ৰী হিচাপে আজি শপত ল’লে এইসকল বিধায়কে :
ৰণজিত কুমাৰ দাস
চন্দ্ৰমোহন পাটোৱাৰী
অতুল বৰা (অগপ)
পৰিমল শুক্লবৈদ্য
কেশৱ মহন্ত (অগপ)
পিয়ূষ হাজৰিকা
অজন্তা নেওঁগ
ডাঃ ৰণোজ পেগু
উৰ্খাও গৌৰা ব্ৰহ্ম (UPPL)
সঞ্জয় কিষাণ
যোগেন মহন
অশোক সিংঘাল
বিমল বড়া ।
হিমন্ত বিশ্বৰ কেবিনেটত বড়ো, বঙালী, মিচিং, আহোম, চাহ জনগোষ্ঠীৰ প্ৰতিনিধিক মন্ত্ৰীত্ব দিয়াৰ লগতে চন্দ্ৰমোহন পাটোৱাৰী আৰু অজন্তা নেওগৰ দৰে অভিজ্ঞ আৰু দক্ষ নেতাক কেবিনেট মন্ত্ৰী পদ দিয়া হৈছে। উল্লেখ্য যে ১৯৮৫ চনত যেতিয়া চন্দ্ৰমোহন পাটোৱাৰী বিঝধায়ক হৈছিল তেতিয়া একাদশ শ্ৰেণীৰ ছাত্ৰ আছিল হিমন্ত বিশ্ব।
প্ৰক্তন কংগ্ৰেছী মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ঘনিষ্ঠ অজন্তা নেওগেও স্থান পাইছে হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত। একমাত্ৰ মহিলা মন্ত্ৰীৰূপে স্থান পাইছে গোলাঘাটৰ বিধায়িকা অজন্তা নেওগে। তৰুণ গগৈ চৰকাৰত একেলগে কাম কৰিছিল হিমন্ত বিশ্ব আৰু অজন্তা নেওগে।
Published by: Manjumoni Borah
First published: May 10, 2021, 13:16 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|