মহানগৰীত অতি উদ্বেগজনকভাৱে বৃদ্ধি হৈছে শিশু অপহৰণৰ ঘটনা। শেহতীয়াকৈ GMCHৰ পৰা নিৰুদ্দেশ হোৱা প্ৰিয়ম কলিতা, ভৰলুৰ পৰা অপহৃত হোৱা কণমানি শিশুটিৰ অপহৰণৰ চাঞ্চল্য মাৰ নৌ যাওঁতেই এইবাৰ বিৰুবাৰীৰ শোৱাপাটীৰ পৰাই অপহৃত হ'ল আন এগৰাকী ৮ বছৰীয়া কণমানি।
জানিব পৰা মতে, সোমবাৰে নিশা প্ৰায় ১ বজাত নিজ মাহী–মহায়েকৰ ঘৰত গভীৰ নিদ্ৰাত থাকোঁতেই লম্পট সঞ্জীৱ বিশ্বাসে অপহৰণ কৰিছিল কণমানিজনীক।
উল্লেখযোগ্য যে, পল্টনবজাৰ আৰক্ষীৰ সফল অভিযানত ভেদ হ'ল অপহৰণৰ মূল ৰহস্য। পুৱতি নিশা প্ৰায় ৩ বাজি ৩০ মিনিটত সন্দেহজনকভাৱে ৰখাই থোৱা এখন টাটা পিকআপ ভানৰ ওপৰত হঠাৎ চকু পৰিল আৰক্ষীৰ এটা পেট্ৰ'লিং পাৰ্টীৰ।গাড়ীখনত অভিযানত চলাওতেই চালকৰ আসনৰ কাষৰ ছিটত আৰক্ষীয়ে উদ্ধাৰ কৰিলে এগৰাকী ৮ বছৰীয়া কণমানিক।
গাড়ীৰ গৰাকী সঞ্জীৱ বিশ্বাসক সোধ-পোছ কৰোতেই ওলাই পৰিল লম্পটটোৰ চৰিত্ৰ ৷ দুখলগা যে, আৰক্ষীৰ উদ্ধাৰৰ পূৰ্বেই শিশুটি ধৰ্ষণৰ বলি হৈছিল। এই ঘটনাৰ পাছতেই আৰক্ষীয়ে POCSO আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে লম্পট সঞ্জীৱ বিশ্বাসক।
কৰ্তব্যত নিয়োজিত পাচঁগৰাকী আৰক্ষীয়ে নাবালিকাগৰাকীক সুস্থ অৱস্থাত উদ্ধাৰ কৰে যদিও ধৰ্ষণকাণ্ডৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে৷ প্ৰশ্নৰ হৈছে যে কি কাৰণত একাংশৰ মাজত এনে অমানসিকতা বৃদ্ধি পাইছে যিয়ে এনেদৰে নাবালিকাক ধৰ্ষণ কৰিবলৈও কুণ্ঠাবোধ নকৰে ৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|