মুখ্যপৃষ্ঠা »খবৰ »অসম »ধন দাবী কৰি অৱশেষত নিলম্বন হ'ল আমিনগাওঁ আৰক্ষী চকীৰ কনিষ্টবল

ধন দাবী কৰি অৱশেষত নিলম্বন হ'ল আমিনগাওঁ আৰক্ষী চকীৰ কনিষ্টবল

আমিনগাঁৱ আৰক্ষী চকীৰ কনিষ্টবল মুক্লেশ্বৰ ৰহমানক ধন দাবী কৰাৰ অভিযোগত নিলম্বন কৰা হৈছে।

আমিনগাঁৱ আৰক্ষী চকীৰ কনিষ্টবল মুক্লেশ্বৰ ৰহমানক ধন দাবী কৰাৰ অভিযোগত নিলম্বন কৰা হৈছে।

কনিষ্টবল মুক্লেশ্বৰ ৰহমানে দাবী কৰা ধন দিব নোৱাৰি আত্মহত্যা কৰিছিল আমিনগাঁও কালিবাৰীৰ সদ্যবিবাহিত যুৱক ভুবনেশ্বৰ পালে। সাধাৰণ স্বামী স্ত্ৰীৰ ঘৰুৱা কাজিয়াৰ গোচৰ মীমাংসাৰ বাবে এই জোৱানজন আৰু ভুবনেশ্বৰৰ শাহু পৰিয়ালে চল্লিশ  হাজাৰ টকা দাবী কৰাৰ অভিযোগ উঠিছিল।

  • Share this:
আমিনগাঁৱ আৰক্ষী চকীৰ কনিষ্টবল মুক্লেশ্বৰ ৰহমানক ধন দাবী কৰাৰ অভিযোগত নিলম্বন কৰা হৈছে। কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে তৎকালীনভাৱে বলবৎ হোৱাকৈ নিলম্বন কৰে আৰক্ষী কনিষ্টবলগৰাকীক। স্বাধীনতা দিৱসৰ পবিত্ৰ দিনটোতে খাকী পোচাকত কালিমা সানিছিল আমিনগাঁও আৰক্ষী চকীৰ মুক্লেশ্বৰ ৰহমান নামৰ এগৰাকী কনিষ্টবলে।

কনিষ্টবল মুক্লেশ্বৰ ৰহমানে দাবী কৰা ধন দিব নোৱাৰি আত্মহত্যা কৰিছিল আমিনগাঁও কালিবাৰীৰ সদ্যবিবাহিত যুৱক ভুবনেশ্বৰ পালে। সাধাৰণ স্বামী স্ত্ৰীৰ ঘৰুৱা কাজিয়াৰ গোচৰ মীমাংসাৰ বাবে এই জোৱানজন আৰু ভুবনেশ্বৰৰ শাহু পৰিয়ালে চল্লিশ  হাজাৰ টকা দাবী কৰাৰ অভিযোগ উঠিছিল। এটি উদ্যোগত কৰ্মৰত আমিনগাঁও কালিবাৰীৰ ভূৱনেশ্বৰ পাল নামৰ যুৱকজনক চল্লিশ হাজাৰ টকা দাবী কৰাৰ পাছতে দিকবিদিক শূন্য হৈ যুৱক গৰাকীয়ে গ্ৰহণ কৰিছিল আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত।

স্বামী স্ত্ৰীৰ মাজত বুজাপৰাৰ পাছতো আৰক্ষীয়ে আপোচ মীমাংসাৰ নামত যুৱক গৰাকীৰ পৰা চল্লিশ হাজাৰ টকা দাবী কৰাৰ অভিযোগ উঠিছিল। এই তথ্য  সংবাদ মাধ্যমে পোহৰলৈ অনাৰ পিছতো ব্যৱস্থা গ্ৰহণ কৰা নাছিল কামৰূপ আৰক্ষী প্ৰশাসনে। সংবাদ মাধ্যমে নিৰবিচ্ছিন্ন বাতৰি পৰিবেশন কৰাৰ পিছত কামৰূপ মহানগৰৰ সহকাৰী আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ তদন্তত কনিষ্টবল মুক্লেশ্বৰ ৰহমানৰ ধন দাবী কায্যত জড়িতৰ প্ৰমাণ পাই দুৰ্নীতিগ্ৰস্ত কনিষ্টবল গৰাকীক নিলম্বন কৰে সহ আৰক্ষী অধীক্ষক গৰাকীয়ে।

উল্লেখ্য যে কনিষ্টবল মুক্লেশ্বৰৰ ৰহমানৰ প্ৰতিটো কৰ্মস্থলীতে অসাধু কামৰ বাবে শাস্তিৰ সন্মুখীন হৈ অহাৰ অভিযোগ আছে। ইয়াৰ পুৰ্বে কামৰূপ মিৰ্জাত পতিতালয়ৰ সৈতে যোগাযোগ ৰাখি ধনৰ লেনদেন কৰাৰ অভিযোগত ৰাইজে বান্ধি আৰক্ষীক গতাইছিল। নিশা আমিনগাঁও শৰাইঘাট দলঙত গাড়ীৰ পৰা ধন দাবী, মাৰপিটেৰে, আৰক্ষী প্ৰশাসনৰ নিয়ন্ত্ৰণহীন হৈ পৰা মুক্লেশ্বৰৰ আমিন গাঁৱতো আছে বহুতো অভিযোগ। বাৰে বাৰে সাৰি যোৱা অসাধু আৰক্ষী জোৱান মুক্লেশ্বৰ ৰহমানৰ কঠোৰ শাস্তি দাবী কৰিছে প্ৰয়াত ভুবনেশ্বৰ পালৰ পৰিয়ালে।

আজি এঘাৰ দিনৰ মুৰত কামৰূপ আৰক্ষীয়ে দিয়া শাস্তি সম্পৰ্কত ভুবনেশ্বৰৰ মাতৃৰ মতামত বিচৰাত মতামত দিবলৈ অস্বীকাৰ কৰে। অসুস্থ হৈ পৰা ভুবনেশ্বৰৰ মাতৃয়ে কলে "আপোনালোকক সিদিনা কৈয়ে ভুল কৰিলো। ভুল কৰি যি শাস্তি পাইছো আৰু নকওঁ''। এই কথাৰ পৰা ধাৰণা কৰিব পাৰি যে সংবাদ মাধ্যমত মতামত দিয়াৰ বাবে আৰক্ষীৰ পৰা ককৰ্থনা শুনিবলগীয়া অথবা তাতোকৈ বেছি ভয়ানক কিবা হ'ব পাৰে। ভুবনেশ্বৰে আত্মহননৰ পূৰ্বে নিজ ম'বাইল ফোনত ৰেকৰ্ডিং কৰা ভাষ্যত আৰক্ষীক ধন দিয়াৰ লগতে শাহু পৰিয়ালেও ধন দাবী কৰিছিল।

স্থানীয় লোকৰ অভিযোগ অনুসৰি ভুবনেশ্বৰৰ লগত পত্নীৰ কাজিয়াৰ পিছত পত্নী আমিনগাঁও ডাকঘৰৰ সমীপৰ নিজ গৃহলৈ যায়। ইয়াৰ পিছত ভুবনেশ্বৰৰ শাহুৱেকে ছোৱালীক আৰু নপঠিয়ায় বুলি ফোন যোগে কয়। ইয়াৰ পিছতে কনিষ্টবল মুক্লেশ্বৰৰ জৰিয়তে কুৰি হাজাৰ টকা খুজি পঠিয়ায়। মুক্লেশ্বৰে কুৰি হাজাৰৰ লগত আৰু কুৰি হাজাৰ যোগ দি চল্লিশ হাজাৰ টকা দাবী কৰে। ভুবনেশ্বৰে সাত হাজাৰ টকীয়া কোম্পানীৰ চাকৰিৰে ইমান টকা দিব নোৱাৰো বুলিও ক'লে। লগতে তেওঁৰ বেমাৰৰ চিকিৎসাৰ বাবেই ধন নাই বুলি কয়। অৱশ্যে ফোন ৰেকৰ্ডিঙত নিজ শাহুমাককে জগৰীয়া কৰিছে। লক্ষণীয় যে এই অমানৱীয় কাৰ্যৰ মূল ব্যক্তি শাহুৱেকৰ পৰিয়ালৰ ওপৰত আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আক্ষেপ প্ৰকাশ কৰিছে ৰাইজে।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি