মহানগৰীৰ এগৰাকী ব্যৱসায়ীৰ এটা ঘৰ এতিয়া আতংকৰ অন্য নাম হৈ পৰিছে! স্থানীয় লোকৰ অভিযোগক কেৰেপ নকৰি অসুৰক্ষিতভাৱে চলাই গৈছে অট্টালিকাৰ নিৰ্মাণকাৰ্য। চাৰি মহলীয়া অট্টালিকাৰ ওপৰৰ পৰা নিৰ্মাণৰত এখন দেৱাল খহি চূৰমাৰ হৈছে এটা ঘৰ। কথমপি প্ৰাণৰক্ষা বহু লোকৰ। ইয়াৰ বাবে এতিয়া বিপদত পৰিছে স্থানীয় জনতা।
দিলীপ ঠাকুৰীয়া নামৰ ব্যৱসায়ীগৰাকীৰ নিৰ্মাণৰত চাৰি মহলীয়া অট্টালিকাৰ ওপৰৰ পৰা দেৱাল খহি তলত থকা ঘৰ চূৰমাৰ হোৱাটো প্ৰথম ঘটনা নহয়। ইয়াৰ আগেয়েও অট্টালিকাৰ ওপৰত আঁৰি থোৱা এখন হৰ্ডিং ওচৰতে থকা ব্যৱসায়িক প্ৰতিষ্ঠানৰ চালিত পৰি সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে। গ্লোচাইনৰ ৰড পৰি ক্ষতিগ্ৰস্ত হৈছে ৱাগনাৰ বাহন।
কিন্তু ইমানখিনি ক্ষয়–ক্ষতি হোৱাৰ পিছতো কেৰেপ নকৰে ব্যৱসায়ী দিলীপ ঠাকুৰীয়াই। বহুবাৰ অভিযোগ দিয়াৰ পিছতো কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ব্যৱসায়ী দিলীপ ঠাকুৰীয়াই । এই ঘটনা সন্দৰ্ভত ভুক্তভোগী বলেন চন্দ্ৰ ঠাকুৰীয়া আৰু মদন দাসে আজাৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। ঘটনাস্থলীত আজাৰা আৰক্ষী উপস্হিত হয় তদন্ত অব্যাহত ৰাখিছে।
অভিযোগ পোৱা মতে, দিলীপ ঠাকুৰীয়াই ইন্টাৰনেচনেল লিকাৰ নামৰ সুৰাৰ বিপণীৰ সন্মুখত অবৈধভাৱে ৰখোৱা যান–বাহনৰ বাবে বহুতো দুৰ্ঘটনাও হৈছে। ইয়াৰ উপৰি নিজ বাসভৱনৰ সন্মুখত খোলা ঠাকুৰীয়া অট' হুইলছৰ সন্মুখত অবৈধভাৱে যান বাহন ৰখাই নিজৰ ব্যৱসায় চলাই আহিছে এই ব্যৱসায়ীগৰাকীয়ে।
চুবুৰীৰ লোকে বাৰম্বাৰ অভিযোগ দিছে আজাৰা আৰক্ষী, আজাৰা চক্ৰ বিষয়া, গাঁও পঞ্চায়ত তথা GMDAত। কিন্তু অভিযোগ দিয়াৰ পিছতো কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ আছে বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধেও।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|