গুৱাহাটী মহানগৰীত নিশা হ'লেই ৰাজপথত উদণ্ড যুৱকৰ বাইক, গাড়ীৰ দৌৰাত্ম্যত হাৰাশাস্তিৰ সন্মুখীন হয় পদপথচাৰী সাধাৰণ জনতা। যাৰ চিকাৰ হৈ মৃত্যু পৰ্যন্ত সাৱটি ল'ব লগা হয় বহুজনে।
শেহতীয়াকৈ, যোৱা বুধবাৰে নিশা মহানগৰীৰ খানাপাৰাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ব্যক্তিগত চাৰিচকীয়া বাহনেৰে ষ্টান্ট কৰি এজন যুৱকে এগৰাকী যুৱতীক খুন্দিয়াই আঘাতপ্ৰাপ্ত কৰে।
উল্লেখযোগ্য যে, ৰোহন আগৰৱালা নামৰ যুৱকজনে প্ৰথমে নিজৰ চাৰিচকীয়া বাহনখনেৰে যুৱতী গৰাকীক খুন্দিওৱাৰ বাবেই বাক বিতণ্ডাত লিপ্ত হৈছিল দুয়োজন। সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, সেই ঘটনাৰ পিছতে যুৱতীগৰাকীক অশ্লীল ইংগিত দি চুলিত ধৰি বহু দূৰ চোঁচৰাই নিয়ে ৰোহন আগৰৱালা নামৰ যুৱকজনে। যোৱা নিশা এই ঘটনা সংঘটিত কৰাৰ পাছত স্থানীয় ৰাইজে খেদি ভেটাপাৰাত উদণ্ড যুৱকজনক কৰায়ত্ত কৰে।
Published by: Subham Goswami
FIRST PUBLISHED : December 22, 2022, 16:46 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।