গুৱাহাটী মহানগৰীৰ পাণ্ডুত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পাণ্ডুৰ ল'ক' কলনীৰ এজন যুৱক বিগত এসপ্তাহ ধৰি সন্ধানহীন হৈ আছে। সন্ধানহীন যুৱকজনৰ নাম বিশাল ঘোষ আৰু তেওঁৰ বয়স ২০ বছৰ বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, ঘৰৰ পৰা যোৱাৰ সময়ত যুৱকজনে মাতৃক কামৰ সন্ধানত ওলাই যোৱা বুলি কৈ গৈছিল । নিৰুদ্দিষ্ট বিশালক তেওঁৰ মাতৃ, পৰিয়াল তথা বন্ধু-বান্ধৱে বহু বিচাৰ-খোচাৰ কৰিও সন্ধান উলিয়াব পৰা নাই। মাতৃৰ ভাষ্য অনুসৰি যুৱকজনে ঘৰৰ ওলাই যোৱাৰ সময়ত ক'লা চাৰ্ট আৰু ক'লা পেণ্ট পৰিধান কৰি আছিল। ঘটনা সন্দৰ্ভত বিশালৰ পৰিয়ালৰ লোকে জালুকবাৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। উক্ত এজাহাৰৰ ভিত্তিত জালুকবাৰী থানাই এই সন্দৰ্ভত এক গোচৰ ৰজু কৰি যুৱকজনৰ সন্ধান উলিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে। অতিকৈ দৰিদ্ৰ পৰিয়ালৰ যুৱকজন সন্ধানহীন হোৱাৰ পাছতেই মাতৃ তথা পৰিয়াল বৰ্গ দিশহাৰা হৈ পৰিছে। আনহাতে, জালুকবাৰী আৰক্ষীয়ে বৰ্তমানলৈকে সন্ধানহীন যুৱকজনৰ কোনো সম্ভেদ উলিয়াব পৰা নাই।