গুৱাহাটী, ২৬ মাৰ্চ: সাংস্কৃতিক মঞ্চ অসমৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈ থকা চতুৰ্দশ লোকনৃত্য কৰ্মশালাৰ শনিবাৰে সামৰণি পৰে । ৰাজ্যৰ বিভিন্ন জিলাৰ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে এই কৰ্মশালাত । প্ৰায় ৫৫০ গৰাকী প্ৰশিক্ষাৰ্থীক বিগত ৭ দিন ধৰি প্ৰদান কৰা প্ৰশিক্ষণৰ অন্তত শনিবাৰে শেষ হয় কৰ্মশালা ৷ অন্তিম দিনত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ৰংঘৰ বাকৰিত সৰ্বমুঠ ৫ টা গোট ক্ৰমে সৰুদয়া, হালোৱা জাতি, ৰহেদৈয়া, বৰদৈয়া,কলিমতিয়ে বিহু নৃত্য প্ৰদৰ্শন কৰে । এই কৰ্মশালাত বিহু বিশেষজ্ঞ শিৱসাগৰৰ ড° অনিল শইকীয়াক সম্বৰ্ধনা জনোৱা হয় । উল্লেখযোগ্য যে ৫৫০ গৰাকী নাচনীৰ ভিতৰত প্ৰায় ১০০ গৰাকী নাচনীয়ে আগন্তক গীনিজ বুক ৰেকৰ্ডৰ বাবে অংশগ্ৰহণ কৰিব ।
Published by: Subham Goswami
FIRST PUBLISHED : March 26, 2023, 18:37 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।