এক লাখ নিযুক্তি প্রদানৰ লক্ষ্যৰে অসম চৰকাৰে অহা ২২ ছেপ্টেম্বৰত ১২ হাজাৰ চাকৰি প্রার্থীক নিযুক্তি পত্র প্রদান কৰিব । খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত অয়োজন কৰিব লগীয়া এক অনুষ্ঠানত নিযুক্তি পত্ৰ বিতৰণ কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷
আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ পৌৰোহিত্যত জনতা ভৱনত আয়োজিত এক বৈঠকত এই সিদ্ধান্ত লোৱা হয় ৷ উল্লেখ্যযোগ্য যে যোৱা মে' মাহত ৩০ হাজাৰ যুৱক-যুৱতীক নিযুক্তি প্রদান কৰা হৈছিল । ইয়াকে লৈ ৪২ হাজাৰ যুৱক-যুৱতীক নিযুক্তি প্রদান প্ৰক্ৰিয়া সম্পূর্ণ হ'ব৷
বিভিন্ন পৰীক্ষাৰ জৰিয়তে নির্বাচিত এই ১২ হাজাৰ গৰাকী চাকৰি প্রার্থীক বিভিন্ন বিভাগত আনুষ্ঠানিকভাৱে চৰকাৰী সেৱাত নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব।
অহা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া এই নিযুক্ত পত্ৰ প্ৰদান অনুষ্ঠানত গৃহ বিভাগৰ অধীনত কনিষ্টবল আৰু পৰিদর্শক পদত ৫,২০০ প্রার্থী নিযুক্তি-পত্ৰ প্ৰদান কৰা হ'ব । লোক নির্মাণ বিভাগত ২৫৬ গৰাকী সহকাৰী অভিযন্তা হিচাপে নিযুক্তি পত্ৰ প্রদান কৰা হ'ব । এই অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, উচ্চ শিক্ষা, কাৰিকৰী শিক্ষা, স্বাস্থ্য আৰু অন্যান্য বিভাগসমূহত নির্বাচিত হোৱা প্রার্থীসকলক বিভিন্ন পদবীত নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|