মহানগৰীৰ লংকেশ্বৰৰ কৈলাশপুৰত স্বাভাৱিক জীৱনযাত্ৰা চলি আছে। কিন্তু হঠাতে মাটি ফুটি ওলাল পানী। পানীৰ প্ৰকোপ ইমানেই তীব্ৰ আছিল যে নিমিষতে সমগ্ৰ অঞ্চলটো জলমগ্ন হৈ পৰে। হঠাৎ নিগৰিত পানীত ১০খনৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান ডুব যায়।
এই অঘটন সংঘটিত হয় গেমন ইণ্ডিয়াৰ পানীৰ পাইপ ফুটাৰ ফলত। জানিব পৰা মতে, পানীৰ ফলত ব্যৱসায়িক প্ৰতিষ্ঠানকেইখনৰ কেইবালক্ষ টকাৰ সা-সামগ্ৰী নষ্ট হয়।
অঞ্চলবাসীৰ অভিযোগ অনুসৰি, গেমন ইণ্ডিয়াই পানীৰ পাইপসমূহ ভালদৰে চোৱাচিতা নকৰাৰ বাবেই এনে ঘটনা সংঘটিত হৈছে। মন কৰিবলগীয়া কথা যে প্ৰায় চাৰি মাহ পূৰ্বে তেতেলীয়াতো গেমনৰ পাইপ ফুটি জলমগ্ন হৈছিল সমগ্ৰ অঞ্চল।
আজিৰ ঘটনাৰ খবৰ পোৱাৰ মাত্ৰকে উক্ত স্থানত উপস্থিত হয় জালুকবাৰী আৰক্ষী চকীৰ এটা দল। আনহাতে, এই ঘটনাৰ পাছতেই অঞ্চলটোত বহু সময় ধৰি তীব্ৰ যানজঁটৰ সৃষ্টি হয়।
হঠাৎ সংঘটিত হোৱা এই ঘটনাক লৈ স্থানীয় লোকসকল উদ্বিগ্ন হৈ পৰাৰ উপৰি গেমনৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে। লগতে লোকচানৰ সন্মুখীন হোৱা লোকসকলে গেমনৰ পৰা ক্ষতিপূৰণ দাবী কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।