মুখ্যপৃষ্ঠা »খবৰ »অসম »Independence Day 2021 : ত্ৰিৰংগাৰ তলত মিঠাই এৰাৰ সংকল্প মুখ্যমন্ত্ৰীৰ, ১০টা সংকল্প ল'বলৈ অসমবাসীক আহ্বান

Independence Day 2021 : ত্ৰিৰংগাৰ তলত মিঠাই এৰাৰ সংকল্প মুখ্যমন্ত্ৰীৰ, ১০টা সংকল্প ল'বলৈ অসমবাসীক আহ্বান

প্ৰথম আহ্বানতে মুখ্যমন্ত্ৰীয়ে মহাপুৰুষ দুজনাৰ তিথিত তথাকথিত চৰকাৰী বন্ধৰ দিন হিচাপে পালন নকৰাৰ সংকল্প ল'বলৈ আহ্বান ৰাজ্যবাসীক।

প্ৰথম আহ্বানতে মুখ্যমন্ত্ৰীয়ে মহাপুৰুষ দুজনাৰ তিথিত তথাকথিত চৰকাৰী বন্ধৰ দিন হিচাপে পালন নকৰাৰ সংকল্প ল'বলৈ আহ্বান ৰাজ্যবাসীক।

প্ৰথম আহ্বানতে মুখ্যমন্ত্ৰীয়ে মহাপুৰুষ দুজনাৰ তিথিত তথাকথিত চৰকাৰী বন্ধৰ দিন হিচাপে পালন নকৰাৰ সংকল্প ল'বলৈ আহ্বান ৰাজ্যবাসীক।

  • Share this:
৭৫ সংখ্যক স্বাধীনতা দিৱসত ত্ৰিৰংগাৰ তলত ১০টা সংকল্প ল'বলৈ ৰাজ্যবাসীক আহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেৱল এজন মুখ্যমন্ত্ৰী হিচাপে নহয়, ৰাইজৰ মাজৰ এজন হিচাপে এই আহ্বান জনালে হিমন্ত বিশ্ব শৰ্মাই।

প্ৰথম আহ্বানতে মুখ্যমন্ত্ৰীয়ে মহাপুৰুষ দুজনাৰ তিথিত তথাকথিত চৰকাৰী বন্ধৰ দিন হিচাপে পালন নকৰাৰ সংকল্প ল'বলৈ আহ্বান ৰাজ্যবাসীক। তেওঁ কয় যে আমি মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ তিথি দুটাত বা দামোদৰ দেৱৰ তিথিত কাৰ্যালয়, বিদ্যালয়লৈ আহি গুৰুদুজনাৰ তিথি গৌৰৱ আৰু পবিত্ৰতাৰে পালনৰ সংকল্প ল'ব পাৰোনে।

বৃদ্ধাশ্ৰমত কাৰো পিতৃ-মাতৃ যাতে থাকিব নালাগে সেই সংকল্প  ল'বলৈ মুখ্যমন্ত্ৰীৰ ৰাজ্যবাসীক।

ব্যস্ততাৰ মাজতো চৰকাৰী কৰ্মচাৰী বা ব্যৱসায়ীসকলে বছৰত ৭ দিন  পিতৃ-মাতৃৰ সৈতে কটোৱাৰ সংকল্প ল'বলৈ আহ্বান। ইয়াৰ বাবে চৰকাৰী কৰ্মচাৰীক বছৰত ৭ দিন ছুটি দিয়া হ'ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

প্ৰতিটো সামাজিক অনুষ্ঠানৰ আৰম্ভণিতে অসমৰ জাতীয় সংগীত আৰু অন্তত ভাৰতৰ জাতীয় সংগীত গাই অসম আৰু ভাৰতক গৌৰৱান্বিত কৰাৰ সংকল্প লোৱাৰ আহ্বান।

প্লাষ্টিক পলিথিনৰ ব্যবহাৰ বন্ধ কৰাৰ সংকল্প লোৱাৰ আহ্বান। একেবাৰে নোৱাৰিলেও পলিথিনৰ ব্যৱহাৰ কম কৰিম বুলি সংকল্প লোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ।

কন্যা সন্তানক ২১ বছৰ আগতে বিয়া নিদিওঁ বুলি সংকল্প ল'বলৈ আহ্বান। আইনমতে ১৮ বছৰত বিয়া দিব পাৰিলেও আমি ২১বছৰৰ আগতে বিয়া নিদিয়াৰ সংকল্প ল'ব পাৰোনে বুলি সংকল্প লোৱাৰ আহ্বান।

কৰ্মচাৰী-বিষয়াসকলক দেশৰ স্বাৰ্থত, ৰাইজৰ স্বাৰ্থত ১ ঘণ্টা বেছিকৈ কাম কৰাৰ সংকল্প লোৱাৰ আহ্বান। তেতিয়াহে দেশৰ ৫খন ৰাজ্যৰ ভিতৰত স্থান পাব অসমে। কামৰ পৰা ঘৰলৈ উভতি যাওতে টেবুলত এখনো কাগজ নাথাকিব, সেই সংকল্প ল'বলৈ আহ্বান কৰ্মচাৰীসকলক।

সৰু ঘটনা হলেও ড্ৰাগছ ব্যৱসায়ৰ যি কোনো ঘটনা আৰক্ষীক খবৰ দিয়াৰ সংকল্প লোৱাৰ আহ্বান।

মানৱ সৰবৰাহৰ সৰু ঘটনা নজৰত আহিলেও আৰক্ষীক খবৰ দিয়াৰ সংকল্প লোৱাৰ আহ্বান।

নিজৰ এৰি অহা পঢ়াশালীখনৰ উন্নতিৰ বাবে কিবা কৰিব পাৰি নেকি তাৰ সংকল্প লোৱাৰ আহ্বান।

এটা বছৰত অতি কমেও একোটা ভাল কাম কৰাৰ সংকল্প লোৱাৰ আহ্বান। দুখীয়া ছাত্ৰ-ছাত্ৰীক বিনামূলিয়াকৈ পঢ়োৱা, কোনো স্কুললৈ গৈ অনুপ্ৰেৰণামূলক অনুষ্ঠান কৰা বা স্বাস্থ্য শিবিৰ আয়োজন কৰা আদি ধৰণৰ কাম কৰাৰ সংকল্প লোৱাৰ আহ্বান।

এই আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয়, "মিঠাই খাবলৈ এৰিবলৈ পৰামৰ্শ দিয়াৰ আগতে নিজে মিঠাই খাবলৈ এৰিব লাগিব; সেয়ে আজিৰ পৰা মই নিজেও এই দহটা সংকল্প গ্ৰহণ কৰিলোঁ।"

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি