মহানগৰীৰ ছয়মাইলৰ উৰণীয়া সেতুৰ তলত সাজি উলিওৱা হৈছে এখন বিশেষ মঞ্চ ৷ মঞ্চখনৰ নাম অন্তৰঙ্গ মঞ্চ ৷ য'ত প্ৰতি শনি আৰু দেওবাৰে পৰিবেশন হ'ব এক ব্যতিক্ৰমী অনুষ্ঠান ৷ এই ৰাজহুৱা মঞ্চখন নিৰ্মাণ কৰি উলিয়াইছে গুৱাহাটী পৌৰ নিগম (GMC) আৰু লায়ন্স ক্লাৱে (Lion's Club of Guwahati)৷ শুকুৰবাৰে অন্তৰঙ্গ মঞ্চখন উদ্বোধন কৰে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে (Zubeen Garg) ৷
উল্লেখ্য যে এই ৰাজহুৱা মঞ্চখনৰ কাষতে আছে এটা টয়লেট ৷ য'ত টয়লেটৰ কাষতে গীত গাব পৰাকৈ ৰখা হৈছে সুবিধা ৷ লোক শিল্পীসকলে প্ৰতি সপ্তাহৰ শনি আৰু দেওবাৰে সন্ধিয়া ৮ ৰ পৰা ৯ বজালৈ অনুষ্ঠিত কৰিব পাৰিব অনুষ্ঠান ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কণ্ঠশিল্পী সকলে অন্তৰঙ্গ মঞ্চত অংশ গ্ৰহণত নাথাকিব বাধা ৷
উল্লেখ্য যে মঞ্চত গীত পৰিৱেশন কৰাৰ বাবদ প্ৰতিটো গ্ৰুপক ৪০০০ টকাকৈ মাননি প্ৰদান কৰাৰো ব্যৱস্থা কৰিছে লায়ন্স ক্লাৱে। মহানগৰখন সুন্দৰ কৰাৰ উদ্দেশ্যে মহানগৰীৰ কেইবাখনো উৰণীয়া সেতুৰ তলত এই অনুষ্ঠান কৰাৰ চেষ্টা লায়ন্স ক্লাৱৰ ৷ গুৱাহাটী পৌৰ নিগম আৰু লায়ন্স ক্লাৱৰ সহযোগত ছয়মাইল উৰণীয়া সেতুৰ তলত নিৰ্মাণ কৰা হৈছিল এই ৰাজহুৱা টয়লেট ৷