ঘটনাস্থলীত চানমাৰি আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। মৃত মহিলাগৰাকী মমিদা বুলি চিনাক্ত কৰা হৈছে। স্বামীৰ নাম আলতাফ।
ঘটনাস্থলীত চানমাৰি আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। মৃত মহিলাগৰাকী মমিদা বুলি চিনাক্ত কৰা হৈছে। স্বামীৰ নাম আলতাফ।
মহানগৰীত বস্তাত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ। বামুণীমৈদামৰ ভাস্কৰ নগৰত উদ্ধাৰ মৃতদেহটো। মঙলবাৰৰ পৰা নলাত পৰি আছিল মৃতদেহটো। কালি সন্ধিয়াৰ ভাগতে একাংশ লোকে বস্তাটো প্ৰত্যক্ষ কৰিছিল। আজি দুৰ্গন্ধ ওলোৱাত বস্তাটো খুলি চাই মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় লোকে। স্থানীয় লোকৰ মতে, বস্তাত ভৰাই থোৱা মৃতদেহটো উটি আহিছিল নলাৰে। কোনো লোকে মহিলাগৰাকীক হত্যা কৰি বস্তাত ভৰাই পেলাই দিয়াৰ সন্দেহ কৰা হৈছে।
ঘটনাস্থলীত চানমাৰি আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। মৃত মহিলাগৰাকী মমিদা বুলি চিনাক্ত কৰা হৈছে। স্বামীৰ নাম আলতাফ। মঙলবাৰে পুৱাৰে পৰা সন্ধানহীন হৈ আছিল মহিলাগৰাকী। খাৰুপেটীয়াৰ মহিলাগৰাকী এমাহ পূৰ্বে কামৰ সন্ধানত আহিছিল গুৱাহাটীলৈ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|