• Home
  • »
  • News
  • »
  • assam
  • »
  • সুৰাপান কৰি উদ্ভণ্ডালি, বাধা দিয়াৰ বাবেই দাৰে উপৰ্যুপৰি ঘপিয়ালে মহিলাক, মহানগৰীত ভয়ংকৰ ঘটনা

সুৰাপান কৰি উদ্ভণ্ডালি, বাধা দিয়াৰ বাবেই দাৰে উপৰ্যুপৰি ঘপিয়ালে মহিলাক, মহানগৰীত ভয়ংকৰ ঘটনা

সুৰুজ আলীয়ে সুৰাপান কৰি উদ্ভণ্ডালি সৃষ্টি কৰি থকাৰ সময়তে এজন লোকে বাধা দিয়াৰ পিছতে সংঘটিত হয় ভয়ংকৰ ঘটনাটো।

  • Share this:
মহানগৰীৰ গাড়ীগাঁৱত চাঞ্চল্যকৰ ঘটনা। এগৰাকী মহিলাক চোকা অস্ত্ৰৰে উপৰ্যুপুৰি আক্ৰমণ এজন লোকৰ। দাৰ ঘাপত গুৰুতৰভাৱে আহত হয় মহিলাগৰাকী। ডিঙি, কান, মুখমণ্ডলত চোকা অস্ত্ৰৰে উপৰ্যুপুৰি আক্ৰমণ কৰে সুৰুজ আলী নামৰ এজন লোকজনে। সুৰুজ আলীয়ে সুৰাপান কৰি উদ্ভণ্ডালি সৃষ্টি কৰি থকাৰ সময়তে এজন লোকে বাধা দিয়াৰ পিছতে সংঘটিত হয় ভয়ংকৰ ঘটনাটো। বাধা দিয়া দিয়া লোকজনৰ পত্নীক অতৰ্কিতে আক্ৰমণ কৰে সুৰুজে।

ইয়াৰ পাছতেই তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় অঞ্চলটোত। স্থানীয় লোকে উত্তম–মাধ্যম দি সুৰুজ আলীক গতাই দিয়ে জালুকবাৰী আৰক্ষীক। সম্প্ৰতি GMCHত চিকিৎসাধীন হৈ আছে মহিলাগৰাকী।
Published by:Sanjay Kumar Das
First published: