உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Bhaskar Baruah : কংগ্ৰেছ এৰি BJPলৈ যাব নেকি তিতাবৰৰ কংগ্ৰেছী বিধায়ক ভাস্কৰ বৰুৱাই?

    Bhaskar Baruah : কংগ্ৰেছ এৰি BJPলৈ যাব নেকি তিতাবৰৰ কংগ্ৰেছী বিধায়ক ভাস্কৰ বৰুৱাই?

    BJPয়ে তেওঁক কংগ্ৰেছ ত্যাগ কৰি BJPত যোগ দিবলৈ প্ৰস্তাৱ দিছে নেকি? এই প্ৰশ্নৰো নাই বিধায়ক ভাস্কৰজ্যোতি বৰুৱাৰ হাতত৷

    • Share this:
    তিতাবৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই শাসকীয় BJPত যোগ দিব নেকি? এই চৰ্চা বিগত কিছুদিন ধৰি চলি থকাৰ মাজতে শুকুৰবাৰে বিধায়ক বৰুৱাক প্ৰশ্ন কৰা হৈছিল যদিও কোনো স্পষ্ট উত্তৰ নিদিলে৷

    যোৰহাটত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আৰ্শীবাদ যাত্ৰাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল তিতাবৰৰ কংগ্ৰেছী বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই৷ সৰ্বানন্দ সোণোৱালৰ আৰ্শীবাদ যাত্ৰাৰ মঞ্চত উঠি বিধায়ক বৰুৱাই আচলতে কি ইংগিত দিলে সেই লৈ ইতিমধ্যে সৰ্বত্ৰে চৰ্চা চলিছে।

    এই প্ৰসংগত তেওঁ কংগ্ৰেছ ত্যাগ নকৰে বুলি কৈছে৷ কিন্তু শুকুৰবাৰে দিছপুৰৰ বিধায়ক আৱাসত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ স্পষ্ট নকৰিলে স্থিতি। কেৱল তিতাবৰ সমষ্টিৰ উন্নয়নৰ বাবে তেওঁ কাম কৰি যাব বুলি কয়৷

    BJPয়ে তেওঁক কংগ্ৰেছ ত্যাগ কৰি BJPত যোগ দিবলৈ প্ৰস্তাৱ দিছে নেকি? এই প্ৰশ্নৰো নাই বিধায়ক ভাস্কৰজ্যোতি বৰুৱাৰ হাতত৷

    উল্লেখযোগ যে দুদিনমানৰ পূৰ্বে বিধানসভাৰ চৌহদত BJPৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কেৱল ভাস্কৰজ্যোতি বৰুৱাই নহয়, আৰু দুই-তিনিজন বিৰোধী বিধায়কে BJPত যোগ দিব বুলি সদৰি কৰিছিল৷
    Published by:Sanjay Kumar Das
    First published: