শীঘ্ৰে গুৱাহাটীলৈ চলিব বিদ্যুৎচালিত ৰে’ল, দ্ৰুতগতিত চলিছে কাম

News18 Assam | News18-Assam
Updated:January 13, 2020, 1:23 PM IST
শীঘ্ৰে গুৱাহাটীলৈ চলিব বিদ্যুৎচালিত ৰে’ল, দ্ৰুতগতিত চলিছে কাম
এক বিশেষ সূত্রৰ পৰা জানিব পৰা মতে, ১৩ জানুৱাৰীৰ পৰা নিউ জলপাইগুৰিলৈ চলিব বৈদ্যুতিক ৰে’ল। নিউ জলপাইগুৰি–হাওৰা এচি এক্সপ্ৰেছ, নিউ জলপাইগুৰি–মালদা পেছেঞ্জাৰ, শতাব্দী এক্সপ্রেছো চলিব সেই লাইনত।

এক বিশেষ সূত্রৰ পৰা জানিব পৰা মতে, ১৩ জানুৱাৰীৰ পৰা নিউ জলপাইগুৰিলৈ চলিব বৈদ্যুতিক ৰে’ল। নিউ জলপাইগুৰি–হাওৰা এচি এক্সপ্ৰেছ, নিউ জলপাইগুৰি–মালদা পেছেঞ্জাৰ, শতাব্দী এক্সপ্রেছো চলিব সেই লাইনত।

  • Share this:
অসম তথা উত্তৰ–পূৰ্বাঞ্চলৰ লোকসকলৰ বাবে এটা সুখবৰ। শিয়ালদহ আৰু হাওৰা ৰে’ল ষ্টেচনৰ পৰা নিউ জলপাইগুৰিলৈ আৰম্ভ হ’ব বিদ্যুৎচালিত ৰে’লসেৱা। বিদ্যুৎচালিত ৰে’ল চলাচলৰ বাবে সকলো ধৰণৰ সেউজ সংকেত পোৱাৰ পিছত ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব এই সেৱা। ইতিমধ্যে হৈ গৈছে ইয়াৰ পৰীক্ষা। উত্তৰ–পূৰ্বাঞ্চলক বিদ্যুৎচালিত ৰে’লসেৱাৰে সংযোগৰ কাম দীৰ্ঘদিনৰ পৰা চলি আছে। অন্তিম পৰ্যায়ত নিউ জলপাইগুৰিৰ পৰা গুৱাহাটীৰ মাজত চলি আছে কাম।

এক বিশেষ সূত্রৰ পৰা জানিব পৰা মতে, ১৩ জানুৱাৰীৰ পৰা নিউ জলপাইগুৰিলৈ চলিব বিদ্যুৎচালিত ৰে’ল। নিউ জলপাইগুৰি–হাওৰা এচি এক্সপ্ৰেছ, নিউ জলপাইগুৰি–মালদা পেছেঞ্জাৰ, শতাব্দী এক্সপ্রেছো চলিব সেই লাইনত। আনহাতে, পৰৱৰ্তী পৰ্যায়ত এই মাহৰ শেষৰফালে এই  লাইনত উত্তৰ বংগলৈ চলাচল কৰা পদাতিক এক্সপ্রেছ আৰু দার্জিলিং মেইল বৈদ্যুতিক ইঞ্জিন সংযুক্ত হ'ব।

আনহাতে, গুৱাহাটীৰ পৰা কলকাতা, দিল্লী, মহাৰাষ্ট্ৰ আৰু দক্ষিণ ভাৰতলৈ চলাচল কৰা ৰে’লসমূহত নিউ জলপাইগুৰিৰ পৰা ডিজেল ইঞ্জিনৰ ঠাইত বৈদ্যুতিক ইঞ্জিন লগাই চলাচল কৰোৱা হ'ব পাৰে বুলি সূত্ৰ এটাই প্ৰকাশ কৰিছে।

বৰ্তমানে গুৱাহাটীলৈ বৈদ্যুতিকৰণৰ কাম দ্ৰুতগতিত চলি আছে আৰু আগন্তুক ৬ মাহৰ ভিতৰত এই সেৱা গুৱাহাটীলৈ সম্প্ৰসাৰণৰ সম্ভৱনা আছে। বিদ্যুৎচালিত ৰে’ল চলাচল আৰম্ভ হ’লে উত্তৰ–পূববাসীৰ যাত্ৰাকাল হ্ৰাস হ’ব বুলি আশা কৰা হৈছে।

NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি