• Home
  • »
  • News
  • »
  • assam
  • »
  • Guwahati: লেতেৰা গুৱাহাটী! দেশৰ অন্যতম প্ৰদূষিত চহৰ হোৱাৰ দিশে গুৱাহাটী মহানগৰী, বছৰৰ ৫৪ দিন 'very poor' আৰু ‘severe’ শিতানত বায়ুমণ্ডল

Guwahati: লেতেৰা গুৱাহাটী! দেশৰ অন্যতম প্ৰদূষিত চহৰ হোৱাৰ দিশে গুৱাহাটী মহানগৰী, বছৰৰ ৫৪ দিন 'very poor' আৰু ‘severe’ শিতানত বায়ুমণ্ডল

CSEৰ কার্যবাহী নিৰ্দেশিকা অনুমিতা ৰয়চৌধৰীয়ে জনোৱা মতে, উত্তৰ পূৱৰ চহৰ সমূহত শীঘ্ৰে পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজন। প্ৰদূষণৰ নিয়ন্ত্ৰণ কৰিবলৈ এতিয়াই পদক্ষেপ নল’লে উত্তৰ ভাৰতৰ চহৰ সমূহৰ সদৃশ পৰিস্থিতিৰ সন্মুখীন হ’ব চহৰ সমূহ।

  • Share this:
প্ৰদূষণে গ্ৰাস কৰিবলৈ আৰম্ভ কৰিছে জৈৱ বৈচিত্ৰৰে ভৰপূৰ দেশৰ উত্তৰ পূৰ্বাঞ্চলৰ চহৰ নগৰ সমূহক। সঁচৰাচৰ প্ৰদূষণৰ ক্ষেত্ৰত শিৰোনাম দখল কৰি আহিছে উত্তৰ ভাৰতৰ চহৰ সমূহে। তাৰ মাজতে উত্তৰ পূৱৰ চহৰ সমূহতো গাড়ী মটৰৰ বৰ্ধিত ব্যৱহাৰ, কল কাৰখানা স্থাপন আৰু দ্ৰুত নগৰীকৰণৰ কাৰণে বৃদ্ধি পাইছে বায়ু প্ৰদূষণ।

দিল্লীৰ Centre for Science and Environment (CSE) নামৰ প্ৰতিষ্ঠানটোৱে অসম, মেঘালয়, ত্ৰিপুৰা, নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচলত ১ জানুৱাৰী ২০১৯ৰ পৰা ৭ ডিচেম্বৰ ২০২১লৈ এক সমীক্ষা চলাই প্ৰকাশ কৰিছে এই তথ্য। এই ৰাজ্য সমূহৰ ৬খন চহৰ ক্ৰমে গুৱাহাটী, শ্বিলং, আগৰতলা, কুহিমা, আইজল আৰু নাহৰলগুণত সংস্থাপিত Continuous Ambient Air Quality Monitoring Station (CAAQMS)ৰ পৰা সংগ্ৰহ কৰা তথ্যৰ পৰা এই প্ৰতিবেদন প্রস্তুত কৰিছে বেচৰকাৰী প্ৰতিষ্ঠানটোৱে ।

প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা মতে, ২০২১ চনত গুৱাহাটীত PM 2.5 level 60 micro gram per cubic metre পোৱা গৈছিল । ২০২০চনত এই পৰিসংখ্যা আছিল 62 micro gram per cubic meter আৰু ২০১৯চনত আছিল 40 micro gram। ইয়াৰ পৰিৱৰ্তে আগৰতলাত ২০২১ চনত এই মাত্ৰা আছিল 45 micro gram। শ্বিলং, কহিমা, আইজল আৰু নাহৰলগুণত ই ৪০ৰ তলত।

গুৱাহাটীৰ বায়ুমণ্ডলৰ পৰা প্ৰাপ্ত তথ্য বিপদৰ আগজাননী বুলি ইতিমধ্যে সদৰি কৰিছে প্ৰতিষ্ঠানটোৰ মুখপাত্ৰই। কাৰণ ৰাজধানী চহৰখনত বছৰৰ ৫৪দিন Air Quality 'very poor' আৰু ‘severe’ৰ শিতানত আছিল। CSEৰ কার্যবাহী নিৰ্দেশিকা অনুমিতা ৰয়চৌধৰীয়ে জনোৱা মতে, উত্তৰ পূৱৰ চহৰ সমূহত শীঘ্ৰে পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজন। প্ৰদূষণৰ নিয়ন্ত্ৰণ কৰিবলৈ এতিয়াই পদক্ষেপ নল’লে উত্তৰ ভাৰতৰ চহৰ সমূহৰ সদৃশ পৰিস্থিতিৰ সন্মুখীন হ’ব চহৰসমূহ।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি