মুখ্যপৃষ্ঠা » খবৰ

» অসম

»গুৱাহাটীত চিকিৎসকৰ পাশৱিক কাণ্ড, পত্নীক অমানুষিক নিৰ্যাতন, সংজ্ঞাহীন হোৱা বেজী দি ঘৰতে আবদ্ধ কৰি ৰাখিলে তিনি মাহ

গুৱাহাটীত চিকিৎসকৰ পাশৱিক কাণ্ড, পত্নীক অমানুষিক নিৰ্যাতন, সংজ্ঞাহীন হোৱা বেজী দি ঘৰতে আবদ্ধ কৰি ৰাখিলে তিনি মাহ

News18 Assam | News18-Assam
Updated:September 15, 2021, 11:21 AM IST
গুৱাহাটীত চিকিৎসকৰ পাশৱিক কাণ্ড, পত্নীক অমানুষিক নিৰ্যাতন, সংজ্ঞাহীন হোৱা বেজী দি ঘৰতে আবদ্ধ কৰি ৰাখিলে তিনি মাহ
নুনমাটি থানাত ভুক্তভোগীয়ে দাখিল কৰিছে এজাহাৰ। বৰ্তমান চিকিৎসকজনক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

নুনমাটি থানাত ভুক্তভোগীয়ে দাখিল কৰিছে এজাহাৰ। বৰ্তমান চিকিৎসকজনক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

  • News18 Assam
  • Last Updated: September 15, 2021, 11:21 AM IST
  • Share this:
চিকিৎসক স্বামীৰ দানৱীয় কাণ্ড। পত্নীক অমানুষিক নিৰ্যাতন চিকিৎসক স্বামীৰ। দাৰে ঘপিয়াই পত্নীক আহত কৰিলে পত্নীক। ইমানেই নহয়, চিকিৎসাৰ চলেৰে সংজ্ঞাহীন বেজী দি তিনি মাহ দিন আৱদ্ধ কৰি ৰাখিলে ঘৰৰ ভিতৰতে। গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। গজেন চন্দ্ৰ নাথ নামৰ চিকিৎসকজনে সংঘটিত কৰে এই ভয়ংকৰ কাণ্ড।

ভুক্তভোগী পত্নীয়ে সুযোগ বুজি নিজ মাতৃলৈ এটা মেছেজ প্ৰেৰণ কৰাৰ পিছতে নিজ জীয়ৰীক উদ্ধাৰ কৰে মাতৃ পৰিয়ালে। তাৰ পিছতে চিকিৎসকগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে মাতৃ পৰিয়ালে। নুনমাটি থানাত ভুক্তভোগীয়ে দাখিল কৰিছে এজাহাৰ। বৰ্তমান চিকিৎসকজনক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। চিকিৎসকগৰাকীৰ বিৰুদ্ধে আছে আন বহু অভিযোগ।


ৰহাৰ ৰণথলী স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক গজেন চন্দ্ৰ নাথ বৰ্তমান পলাতক হৈ আছে। ভুক্তভোগী পত্নীয়ে উচিত শাস্তি বিচাৰিছে দানৱ স্বামীৰ।
Published by: Sanjay Kumar Das
First published: September 15, 2021, 11:21 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি