কোৰোণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীত আকৌ বাধ্যতামূলক কৰা হ'ল মাস্ক পৰিধান কৰাটো।
দেশত আকৌ দ্ৰুত গতিত বাঢ়িছে কোৰোণাৰ সংক্ৰমণৰ ঘটনা। কোৰোণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি আকৌ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে বহু কেইটা গুৰুত্বপূৰ্ণ পদক্ষেপ। কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাত গুৱাহাটী মহানগৰ প্ৰশাসনেও কেতবোৰ নীতি নিয়ম নিৰ্ধাৰণ কৰিছে। এতিয়াৰ পৰা ৰাজহুৱা স্থানত বাধ্যতামূলক হ'ব তিনিতৰপীয়া মাস্ক পৰিধান কৰাটো।
- ৰাজহুৱা স্থানত চলা ফুৰা কৰোতে, হাস্পতাল, কাৰ্যালয়, ব্যৱসায় স্থানত বাধ্যতামূলক ভাবে পৰিধান কৰিব লাগিব তিনিতৰপীয়া মাস্ক।
- মাস্ক পৰিধান নকৰিলে আনকি কোনো ধৰণৰ ৰাজহুৱা সভাতো অংশ গ্ৰহণ কৰিব নোৱাৰিব।
- কৰ্মচাৰীসকলেও কৰ্তব্যৰ সময়ত পৰিধান কৰিব লাগিব মাস্ক।
চৰকাৰৰ এই নিৰ্দেশ অমান্য কৰিলে প্ৰথমে ৫০০ টকা জৰিমনাৰ সন্মুখীন হব লাগিব। যদি দ্বিতীয়বাৰ আৰু তৃতীয়বাৰ পৰ্যন্ত নিৰ্দেশ অমান্য কৰে, তেন্তে ভৰিব লাগিব ১০০০ টকা পৰ্যন্ত জৰিমনা।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|