স্বাস্থ্য মন্ত্ৰীয়ে পুৰ্বৰ ১২ হাজাৰৰ বিপৰীতে এইবাৰ ১৬০০০ টকা দৰমহা দিব বুলি কৈছিল যদিও আজি পৰ্যন্ত দৰমাহ পোৱা নাই।
স্বাস্থ্য মন্ত্ৰীয়ে পুৰ্বৰ ১২ হাজাৰৰ বিপৰীতে এইবাৰ ১৬০০০ টকা দৰমহা দিব বুলি কৈছিল যদিও আজি পৰ্যন্ত দৰমাহ পোৱা নাই।
কোভিড ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত চিকিৎসক-স্বাস্থ্যকৰ্মীৰ সমানে নিজৰ জীৱনক তুচ্ছ কৰি সেৱা আগবঢ়াই আছে ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্লসকলে। কিন্তু দিন-ৰাতি একাকাৰ কৰি কাম কৰা এইসকলো যুৱক-যুৱতীয়ে সময়মতে পোৱা নাই প্ৰাপ্য দৰমহা।
২০২০ চনতে সৰুসজাইত স্থাপন হোৱা কোভিড কেয়াৰ হাস্পতালখনত চাফ-চিকুণৰ কাম, কোভিডৰোগী সকলক শুশ্ৰুষা কৰাৰ বাবে নিয়োজিত কৰা হৈছিল ৩৭জন যুৱক-যুৱতীক। দায়িত্বসহকাৰে নিজৰ জীৱনক তুচ্ছ কৰিও কোভিড ৰোগীক সেৱা আগবঢ়াইছিল এইসকলে। কিন্তু তাৰ বিনিময়ত নাপালে প্ৰাপ্য দৰমহা।
আকৌ এই বৰ্ষতো নিয়োগ কৰা হৈছিল এই ৩৭ জন যুৱক-যুৱতীক। কিন্তু বিগত দুমাহ উকলাৰ পিছতো দৰমহা নপোৱাত ক্ষোভিত হৈ পৰিছে এইসকল কোভিড যোদ্ধা। স্বাস্থ্য মন্ত্ৰীয়ে পুৰ্বৰ ১২ হাজাৰৰ বিপৰীতে এইবাৰ ১৬০০০ টকা দৰমহা দিব বুলি কৈছিল যদিও আজি পৰ্যন্ত দৰমাহ নপোৱাত ক্ষোভিত হৈছে কৰ্মচাৰীসকল।
দৰমহা নোপোৱাত ঘৰ চলোৱাত অসুবিধা হৈছে এইসকল ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্লৰ। শীঘ্ৰে যদি দৰমাহা আদায় নিদিয়ে তেনেহ'লে কৰ্ম বিৰতি পালনৰ হুংকাৰ দিছে এইসকল যুৱক-যুৱতীয়ে। তেওঁলোকৰ অনুৰোধ চৰকাৰে তেওঁলোকৰ পৰস্থিতি বুজি অনতিপলমে যেন দৰমহা আদায় দিয়ে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|