உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • অসম তথা উত্তৰ-পূৰ্বাঞ্চলবাসীৰ বাবে সুখবৰ! গুৱাহাটী–হাফলঙৰ মাজত শীঘ্ৰে চলিব ভিষ্টাড’ম ৰে’ল

    অসম তথা উত্তৰ-পূৰ্বাঞ্চলবাসীৰ বাবে সুখবৰ! গুৱাহাটী–হাফলঙৰ মাজত শীঘ্ৰে চলিব ভিষ্টাড’ম ৰে’ল

    ভিষ্টাড’ম ৰে'ল সেৱাৰ আমেজ ল'বলৈ ইচ্ছুক পৰ্যটকসকলে IRCTCৰ অফিচিয়েল টিকট বুকিং ৱেবছাইট অথবা এপ্লিকেশ্যনৰ জৰিয়তে ইয়াৰ টিকট বুক কৰিব পাৰিব।

    ভিষ্টাড’ম ৰে'ল সেৱাৰ আমেজ ল'বলৈ ইচ্ছুক পৰ্যটকসকলে IRCTCৰ অফিচিয়েল টিকট বুকিং ৱেবছাইট অথবা এপ্লিকেশ্যনৰ জৰিয়তে ইয়াৰ টিকট বুক কৰিব পাৰিব।

    ভিষ্টাড’ম ৰে'ল সেৱাৰ আমেজ ল'বলৈ ইচ্ছুক পৰ্যটকসকলে IRCTCৰ অফিচিয়েল টিকট বুকিং ৱেবছাইট অথবা এপ্লিকেশ্যনৰ জৰিয়তে ইয়াৰ টিকট বুক কৰিব পাৰিব।

    • Share this:
    অসম তথা উত্তৰ-পূৰ্বাঞ্চলবাসীৰ বাবে এটা ভাল খবৰ। কাৰণ পৰ্যটকৰ আকৰ্ষণ বৃদ্ধিৰ উদ্দেশ্যে উত্তৰ-পূব সীমান্ত ৰে'লৱেই আৰম্ভ কৰিবলৈ গৈ আছে ভিষ্টাড’ম (Vistadome) ৰে'ল সেৱা। ৰে'লৱেৰ তৰফৰ পৰা প্ৰকাশ কৰা এক খবৰ অনুসৰি, অহা ২৮ আগষ্টত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ জেনেৰেল মেনেজাৰে আঞ্চুল গুপ্তাই গুৱাহাটী-হাফলঙ, নিউ জলপাইগুৰি-আলিপুৰদুৱাৰ মাজৰ ভিষ্টাড’ম ৰে'ল সেৱাৰ শুভ উদ্বোধন কৰিব।

    উল্লেখযোগ্য যে, ভিষ্টাড’ম ৰে'লৰ মূল বৈশিষ্ট্য হ’ল যে ইয়াৰ খিৰিকীবোৰত ডাঙৰ ডাঙৰ গ্লাছ থকাৰ হেতুকে যাত্ৰীসকলে যাত্ৰাৰ প্ৰাকৃতিক সৌন্দৰ্য্য সুন্দৰকৈ উপভোগ কৰিব পাৰিব। লগতে যাত্ৰীয়ে ৰে'লৰ আসনবোৰ ১৮০ ডিগ্ৰী পৰ্যন্ত ঘূৰাই নিজৰ ইচ্ছা মতে বহিব পাৰিব। এই ৰে'লখনৰ ওপৰৰ অংশতো গ্লাছ ব্যৱহাৰ কৰা থাকে, যাৰ বাবে ৰে'লৰ ভিতৰৰ পৰাই আকাশখন দেখা পোৱা যাব। ইয়াৰোপৰি ৰে'লৰ প্ৰতিটো দবাত চিচিটিভি কেমেৰা, এল ই ডি স্ক্ৰীণ, এয়াৰ কণ্ডিচনৰ সুন্দৰ সুবিধা। এই ৰে'লত যাত্ৰা কৰা প্ৰতিজন যাত্ৰীয়ে নিজৰ যাত্ৰা কালৰ যথেষ্ট আমেজ ল'বলৈ সক্ষম হ'ব।

    জানিব পৰা মতে, গুৱাহাটীৰ পৰা নিউ হাফলং ষ্টেচনলৈ সপ্তাহত প্ৰতি বুধবাৰ আৰু শনিবাৰে অৰ্থাৎ দুদিনকৈ চলিবলগীয়া ভিষ্টাড’ম ৰে'লত সৰ্বমুঠ ৭টা দবা থাকিব। গুৱাহাটীৰ পৰা পুৱা ৬.৩৫ বজাত ৰে'লখনে যাত্ৰা আৰম্ভ কৰিব আৰু দিনৰ ১১.৫৫ বজাত নিউ হাফলং ষ্টেচনত পোৱাৰ বিপৰীতে নিউ হাফলং ষ্টেচনৰ পৰা সেইদিনাই বিয়লি ৫ বজাত ৰে'লখন গুৱাহাটী অভিমুখে যাত্ৰা কৰিব আৰু গৈ নিশা ১০.৪৫ বজাত গুৱাহাটী পাব বুলি জানিব পৰা গৈছে।

    আনহাতে, নিউ জলপাইগুৰিৰ পৰা আৰম্ভ হ'বলগীয়া আনখন ৰে'লে পুৱা ৭.২০ বজাত যাত্ৰা আৰম্ভ কৰি দিনৰ ১ বজাত আলিপুৰদুৱাৰ ষ্টেচনত পাব আৰু আলিপুৰদুৱাৰ ষ্টেচনৰ পৰা সেইদিনাই বিয়লি ২ বজাত ৰে'লখন নিউ জলপাইগুৰি অভিমুখে যাত্ৰা কৰিব আৰু সন্ধিয়া ৭ বজাত পাব। নিউ জলপাইগুৰি-আলিপুৰদুৱাৰ মাজৰ ভিষ্টাড’ম ৰে'ল সেৱা প্ৰতি সপ্তাহৰ তিনিদিন অৰ্থাৎ শুক্ৰবাৰ, শনিবাৰ আৰু দেওবাৰে উপলব্ধ হ'ব।

    ভিষ্টাড’ম ৰে'ল সেৱাৰ আমেজ ল'বলৈ ইচ্ছুক পৰ্যটকসকলে IRCTCৰ অফিচিয়েল টিকট বুকিং ৱেবছাইট অথবা এপ্লিকেশ্যনৰ জৰিয়তে ইয়াৰ টিকট বুক কৰিব পাৰিব বুলি জানিব পৰা গৈছে।

    দেশৰ পৰ্যটনক্ষেত্ৰখনক এক নতুন মাত্ৰা প্ৰদানৰ উদ্দেশ্যে ভাৰতীয় ৰে'ল বিভাগৰ উদ্যোগত ইতিমধ্যে দেশৰ বিভিন্ন ঠাইত আৰম্ভ কৰা হৈছে ভিষ্টাড’ম ৰে'লসেৱাৰ। মন কৰিবলগীয়া কথা যে, পাহাৰীয়া জিলা ডিমা হাছাওত ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ দেশ-বিদেশৰ বিভিন্ন পৰ্যটকৰ আগমন ঘটে। দেশ তথা ৰাজ্যৰ শেহতীয়া কোভিড পৰিস্থিতি ক্ৰমাৎ ভালৰ দিশলৈ গতি কৰাৰ বাবে পাহাৰীয়া জিলাখনত পৰ্যটকৰ আগমণৰ সম্ভাৱনীয়তাৰ সময়ত ভাৰতীয় ৰে'ল বিভাগৰ ভিষ্টাড’ম ৰে'ল সেৱাই বহুখিনি আমোদ তথা সন্তুষ্টি দিব বুলি আশা কৰা হৈছে। কাৰণ এই ভিষ্টাড’ম ৰে'লত পৰ্যটকসকলৰ বাবে আন কেতবোৰ বিশেষ সুবিধা প্ৰদান কৰা হৈছে।
    Published by:Sanjay Kumar Das
    First published: