• Home
  • »
  • News
  • »
  • assam
  • »
  • পাটৰ কিনিব নে মুগাৰ গামোছা কিনিব ? বিহুৰ বজাৰত উপলব্ধ হৈছে ১০০ টকাৰ পৰা আৰম্ভ কৰি ৪,০০০ টকা মূল্যৰ গামোছা ...

পাটৰ কিনিব নে মুগাৰ গামোছা কিনিব ? বিহুৰ বজাৰত উপলব্ধ হৈছে ১০০ টকাৰ পৰা আৰম্ভ কৰি ৪,০০০ টকা মূল্যৰ গামোছা ...

বিহুৰ বজাৰত উপলব্ধ হৈছে ১০০ টকাৰ পৰা আৰম্ভ কৰি ৪,০০০ টকা মূল্যৰ গামোছা। অসমীয়া শিপিনীৰ হাতে বোৱা গামোছাৰ পয়োভৰ ঘটিছে বজাৰত। 

  • Share this:
বিহুৰ বজাৰত উপলব্ধ হৈছে ১০০ টকাৰ পৰা আৰম্ভ কৰি ৪,০০০ টকা মূল্যৰ গামোছা। অসমীয়া শিপিনীৰ হাতে বোৱা গামোছাৰ পয়োভৰ ঘটিছে বজাৰত।

ক'ভিড সৃষ্ট পৰিবেশৰ বাবে বিগত দুটা বছৰ ম্লান পৰিছিল বিহুৰ আনন্দ। এইবাৰ ক'ভিড প্ৰটকল অবিহনে বিহুৰ আনন্দ উপভোগ কৰিবলৈ সাজু হৈছে সকলো। আনন্দ মনেৰে ব'হাগৰ বিহু পাতিবলৈ সাজু হৈছে সকলো। বিহু বুলি বজাৰতো উপলব্ধ হৈছে নতুন সাজ - পোছাক, গামোছা আদি।  বিহুৱান বা গামোছা অবিহনে বিহু অৰ্থহীন। জ্যেষ্ঠ জনক বিহুৰ দিনা বিহুৱান দি সেৱা কৰাৰ পৰম্পৰা প্ৰচলিত আছে অসমীয়া সমাজত। বহিঃৰাজ্যৰ যন্ত্ৰৰে তৈয়াৰী গামোছা পৰিত্যাগ কৰি অসমীয়া শিপিনীয়ে বোৱা গামোছা ব্যৱহাৰ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়েও আহ্বান জনাইছে সকলোকে।

সেয়ে এইবাৰ ফাঁচী বজাৰত উপলব্ধ হৈছে থলুৱা শিপিনীয়ে বোৱা গামোছা। পাট, মুগা, টচ মুগাৰ পৰা আৰম্ভ কৰি সাধাৰণ গামোছালৈকে উপলব্ধ হৈছে বজাৰত। শুৱালকুছিৰ অসমীয়া শিপিনীৰ হাতৰ পৰশত প্ৰাণ পোৱা ইখনতকৈ সিখন আৰ্কষণীয় গামোছা উপলব্ধ হৈছে। হাজো, ৰামদিয়া মুকালমুৱা, বামুন্দি, দামপুৰ, চাচা, বিজুলি ঘাট আদি অঞ্চলৰ অসমীয়া শিপিনীয়ে বৈ উলিয়াইছে এই থলুৱা গামোছা। ৰঙালী বিহু উপলক্ষে ফাঁচী বজাৰৰ অমিত টেক্সটাইলত উপলব্ধ হৈছে এই থলুৱা গামোছা। টচৰ গামোছাৰ মূল্য ৪,০০০ টকা, পাটৰ গামোছাৰ মূল্য ৩,৫০০ টকা, মুগাৰ গামোছাৰ মূল্য ৪,০০০ টকা আৰু  সাধাৰণ গামোছাৰ মূল্য ১০০- ২০০ টকা দামত বিক্ৰী হৈছে। গামোছাৰ উপৰিও উপলব্ধ হৈছে গামোছাৰ চাৰ্ট, কুৰ্টা, কোট আদি। বিগত দুটা বছৰ ম্লান পৰা বিহুৰ বজাৰত গ্ৰাহকৰ ভিৰ দেখি ব্যৱসায়ীৰ মনতো আনন্দ। এইবাৰ ক'ভিড প্ৰটকল নথকাৰ বাবে বজাৰটো গ্ৰাহকৰ ভিৰ বাঢ়িছে। অৱশ্যে পূৰ্বৰ তুলনাত দাম বাঢ়িছে গামোছাৰ। ব্যৱসায়ীৰ মতে সকলো বস্তুৰে দাম বাঢ়িছে। সূতাৰ দাম বৃদ্ধি হোৱাৰ বাবেই গামোছাৰো মূল্য বৃদ্ধি হৈছে। যন্ত্ৰৰে তৈয়াৰী গামোছাৰ তুলনাত শিপিনীয়ে হাতে বোৱা গামোছাৰ মূল্য সাধাৰণতে বেছি।
Published by:Kokil Sarma
First published: