নাগৰিকত্ব সংশোধনী আইনক লৈ তীব্ৰ ক্ষোভ আৰু প্ৰতিবাদৰ মাজতে আজিৰে পৰা আৰম্ভ হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষা। প্ৰতিবাদো কৰিম, পৰীক্ষাও দিম, এই মূলমন্ত্ৰৰে পৰীক্ষা দিবলৈ আহিছে ছাত্ৰ–ছাত্ৰী।
পুৱাই পৰীক্ষা দিবলৈ আহিল ছাত্ৰ–ছাত্ৰী। কিন্তু পৰীক্ষা দিবলৈ আহোতেও নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিৰোধ প্ৰদৰ্শন কৰিলে পৰীক্ষাৰ্থীয়ে।![]()
CAA আমি নামানো, I OPPOSE CAA-এই শ্ল’গান লিখা ক’লা বেজ পৰিধান কৰি ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষা হ’লত প্ৰৱেশ কৰে। অধ্যয়ন আৰু সংগ্ৰাম একেলগে চলাই নিয়াৰ সংকল্প লৈছে অসমীয়া শিক্ষাৰ্থীয়ে।
![]()
I oppose CAA লিখা ক’লা বেজ পৰিধান কৰি পৰীক্ষা দিবলৈ আহিল ছাত্ৰ–ছাত্ৰী।
উল্লেখযোগ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলক অধ্যয়ন আৰু সংগ্ৰাম একেলগে অব্যাহত ৰখাৰ কাৰণে আহ্বান জনাইছিল সদৌ অসম ছাত্ৰ সন্থাই। ছাত্ৰ–ছাত্ৰীসকলক ক’লা বেজ পৰিধান কৰি পৰীক্ষা গৃহত বহাৰ আহ্বান জনাইছিল সদৌ অসম ছাত্ৰ সন্থাই। দেওবাৰে সমূহ আবাস-নিবাসত গুৱাহাটী বিশ্ববিদ্যালয় আছু গোট আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় আছু গোটৰ তৰফৰ পৰা এই বেজসমূহ বিতৰণ কৰা হৈছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|