গুৱাহাটী বিশ্ববিদ্যালয়ত মঙলবাৰৰ শিক্ষাৰ্থীৰ প্ৰতিবাদৰ সময়তে আৰক্ষীৰ আতিশয্যৰ উত্তৰ বিচাৰি স্নাতকোত্তৰ ছাত্ৰ সন্থাই কৰ্তৃপক্ষক দিছিল স্মাৰকপত্ৰ। এই স্মাৰকপত্ৰখনত PGSU-এ সন্নিৱিষ্ট কৰিছিল ৫ টাকৈ দাবী।
অৱশেষত PGSUৰ স্মাৰকপত্ৰৰ উত্তৰ দিলে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। মঙলবাৰে সংঘটিত ঘটনাক লৈ অসন্তুষ্ট বুলি উল্লেখ কৰে কৰ্তৃপক্ষই। প্ৰতিবাদস্থলীত আৰক্ষীৰ উপস্থিতি সংক্ৰান্তত স্থিতি স্পষ্ট কৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।
প্ৰতিবাদ সংক্ৰান্তত আৰক্ষীয়ে নিজে লাভ কৰা তথ্যৰ ভিত্তিতহে বিশ্ববিদ্যালয়ত প্ৰৱেশ কৰা বুলি উল্লেখ কৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। প্ৰতিবাদ নিয়ন্ত্ৰণৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা আৰক্ষীক কোনো আৱেদন জনোৱা নাছিল বুলি প্ৰকাশ কৰা হয়।
বিশ্ববিদ্যালয় কৰ্তৃপক্ষই প্ৰতিবাদৰ কথা গম পোৱাৰ পূৰ্বেই আৰক্ষীৰ লোক নিজাববীয়াকৈ উপস্থিত বুলি উল্লেখ কৰা হয়। পত্ৰত জনোৱা মতে স্নাতক ৫ম ষাণ্মাসিকৰ পৰীক্ষাৰ ফলাফল বিসংগতিৰ ক্ষেত্ৰতো লোৱা হ'ব ব্যৱস্থা।
ইতিমধ্যে ফলাফল পুনৰীক্ষণৰ বাবে সিদ্ধান্ত লোৱা হৈছে বুলি জনাই গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। ইফালে বৰ্তমানৰ IUMS ব্যৱস্থা অতি শীঘ্ৰে আঁতৰোৱা হ'ব বুলিও উল্লেখ কৰা হয়। IUMSৰ দায়িত্বত থকা IT কোম্পানীক চলিত মাহৰ শেষত অব্যাহতি দিব।
মন কৰিবলগীয়া যে, PGSUএ অনলাইন প্ৰক্ৰিয়াৰ নডেল বিষয়াক আঁতৰোৱা দাবী সংক্ৰান্ততো বিবেচনা কৰিব বুলি পত্ৰত উল্লেখ কৰা হৈছে। আনহাতে, বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এই পত্ৰ লাভৰ পিছতেই প্ৰতিক্ৰিয়া PGSUৰ।
এই পত্ৰক লৈ সন্তুষ্টি প্ৰকাশৰ লগতে বাস্তৱত দাবীসমূহ ৰূপায়ণৰ বাবে আহ্বান বিশ্ববিদ্যালয় কৰ্তৃপক্ষক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|