গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ ৰঞ্জন কুমাৰ কাকতিয়ে ৰাষ্ট্ৰপতিৰ পৰা বঁটা গ্ৰহণ কৰি উভতি অহাৰ সময়ত শনিবাৰে বিয়লি বিমান বন্দৰত আদৰণি জনায় গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্মকৰ্তাই। কেন্দ্ৰীয় চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধিসূচনা মৰ্মে ২০১৯-২০ বৰ্ষৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি বঁটাৰ বাবে নিৰ্বাচিত হৈছিল গুৱাহাটী বিশ্ববিদ্যালয় অধ্যাপক তথা বিশ্ববিদ্যালয়খনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্যসূচী সমন্বক ড০ ৰঞ্জন কুমাৰ কাকতি।
অসমৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় আৰু ড০ ৰঞ্জন কুমাৰ কাকতিয়ে এই বঁটাৰ জৰিয়তে সমগ্ৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। ড০ কাকতিয়ে যোৱা ২৪ ছেপ্টেম্বৰত দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতিৰ পৰা এই বঁটা গ্ৰহণ কৰে ।
শনিবাৰে বিয়লি ড০ কাকতি দিল্লীৰ পৰা আহি বৰঝাৰ বিমান বন্দৰত উপস্থিত হোৱাৰ লগে লগে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ–ছাত্ৰীয়ে আদৰণি জনায়। এই বঁটাৰ সৈতে বিশ্ববিদ্যালয়ৰ বাবে তিনি লাখ টকাও আগবঢ়ায়। ড০ ৰঞ্জন কুমাৰ কাকতিয়ে বৰঝাৰ বিমানবন্দৰৰ পৰা গৈ বিশ্ববিদ্যালয়ত উপস্থিত হোৱাৰ লগে লগে বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত প্ৰেক্ষাগৃহত আয়োজন কৰা হয় সম্বৰ্ধনা অনুষ্ঠানৰ।
সম্বৰ্ধনা অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ প্ৰতাপজ্যোতি সন্দিকৈ, বিশ্ববিদ্যালয়ৰ অধ্যাপক–অধ্যাপিকাসকল, স্নাতকোত্তৰ ছাত্ৰ সন্থা আৰু ছাত্ৰ–ছাত্ৰীসকলৰ লগতে বিশ্ববিদ্যালয়ৰ অধীনত থকা বহুকেইখন মহাবিদ্যালয়ৰ প্ৰবক্তাই অংশ লয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|