নাগৰিকত্ব সংশোধনী বিধেয়কক ৰাজ্যজুৰি প্ৰতিবাদৰ জুই জ্বলি থকাৰ মাজতে বাতিল কৰা হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ সকলো পৰীক্ষা। ১৬ডিচেম্বৰলৈকে সকলো পৰীক্ষা বাতিল কৰা হৈছে। ১৭ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব পৰীক্ষাসমূহ। বিশ্ববিদ্যালয়ৰ অধীনস্থ বিভিন্ন মহাবিদ্যালয়ৰ , ছাত্ৰ-ছাত্ৰীসকলে ঘেৰাও কৰিছিল উপাচাৰ্যৰ কাৰ্যালয়। সকলোৱে পৰীক্ষা স্থগিত কৰাৰ বাবে দাবী জনাইছিল। ছাত্ৰসমাজৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ববিদ্যালয়ৰ অধীনস্থ সকলো মহাবিদ্যালয়ৰ পৰীক্ষাসমূহ ১৬ তাৰিখলৈ বাতিল কৰা হৈছে।
বিজ্ঞাপন
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
- First Published :